ডাৰউনৰ বিৱৰ্তনবাদ আৰু বৈদিক সাহিত্য




প্ৰাচীন ভাৰতৰ জ্ঞান আৰু বিজ্ঞান সমগ্ৰ বিশ্বৰ বাবে অদ্বিতীয়। যি সময়ত বিশ্বৰ অনান্য প্ৰান্তবোৰ অজ্ঞান-অন্ধকাৰত বুৰ গৈ আছিল, সেই সময়ত একমাত্ৰ ভাৰতবৰ্ষতেই বিজ্ঞান, গণিত, সমাজ, ৰাজনীতি, তৰ্কশাস্ত্ৰকে আদি কৰি সকলো ক্ষেত্ৰতে জ্ঞানৰ অক্ষয় ভাণ্ডাৰেৰে পৰিপূৰ্ণ হৈছিল। এই কথা অনুমান কৰিব পাৰি 'শ্ৰুতি' আৰু 'স্মৃতি'ৰে বিভাজিত বৈদিক সাহিত্যসমূহৰ পৰা। চাৰিবেদ, উপনিষদ (বেদৰ ভাগ), ১৮ পুৰাণ, ৰামায়ণ, মহাভাৰতৰ (ইয়াতে বেদৰ সাৰাংশ 'গীতা' সন্নিবিষ্ট) দৰে অদ্বিতীয় আৰু বিস্ময়কৰ গ্ৰন্থ ভাৰতৰ বৈদিক সাহিত্যত সন্নিবিষ্ট হৈ আছে। এই গ্ৰন্থসমূহে পুৰণি সময়ৰ পৰা বৰ্তমানলৈকে পাশ্চাত্যৰ পণ্ডিতসকলক বিচিত্ৰ চিন্তাৰ খোৰাক যোগাই আহিছে। আনকি বহু ক্ষেত্ৰত পাশ্চাত্যৰ বিদ্বানসকলে বৈদিক জ্ঞানৰ অধ্যয়নৰ যোগেদি বিভিন্ন তত্ত্ব আগবঢ়োৱা দেখা যায়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, প্ৰাচীন ভাৰত অতি সু-সভ্য, জ্ঞানৰ ক্ষেত্ৰত অদ্বিতীয় আছিল। প্ৰাচীন ভাৰতৰ বিদগ্ধ পণ্ডিতসকলে এনে বিস্ময়কৰ জ্ঞান চৰ্চাৰে ভাৰতত সনাতনী (যাৰ কোনো আদিও নাই, অন্ত নাই আৰু যি স্থান-কালৰ প্ৰভাৱবিহীন) ধৰ্ম প্ৰচলন কৰিছিল।
বিশিষ্ট জীৱ বিজ্ঞানী তথা 'The Origin of spicies'ৰ স্ৰষ্টা চাৰ্লচ ডাৰউনৰ জৈৱ বিৱৰ্তনবাদৰ তত্ত্বটোত উল্লেখ কৰা বিৱৰ্তনটো 'শ্ৰীমদ্ভাগৱত পুৰাণ' আৰু 'বিষ্ণু পুৰাণ'ত উল্লেখ থকা 'দশাৱতাৰ'ৰ লগত সম্পূৰ্ণ সাদৃশ্য থকা দেখা যায়। এই দশাৱতাৰ হৈছে পৰমেশ্বৰ বিষ্ণুৰ দহটা অৱতাৰ, যিয়ে বিভিন্ন দৈৱিক কাৰ্য সম্পাদন কৰিছিল আৰু ডাৰউনৰ জৈৱ বিৱৰ্তনবাদৰ ভেঁটি নিৰ্মাণ কৰিছিল। বিষ্ণুৰ দহটা অৱতাৰ হ'ল একাদিক্ৰমে- মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি (অপ্ৰাকাট্য)। ডাৰউনৰ বিৱৰ্তনবাদ তত্ত্ব অনুসৰি Chordates অৰ্থাৎ জলত বিচৰণ কৰা প্ৰাণী পৃথিৱীত প্ৰথম সৃষ্টি হৈছিল। বৈদিক সাহিত্য মতে ভগৱানৰ প্ৰথম অৱতাৰ মৎস্য অৰ্থাৎ মাছ। ডাৰউনৰ মতে, সময় আগবঢ়াৰ লগে লগে পানীত থকা জীৱসমূহৰ বিৱৰ্তন হৈ চাৰিঠেঙীয়া উভচৰ প্ৰাণীৰ সৃষ্টি হৈছে যাক কোৱা হয় Aphibian. বিষ্ণুৰ দ্বিতীয় অৱতাৰ আছিল- কুৰ্ম অৰ্থাৎ কাছ, যি উভচৰ আছিল। ঈশ্বৰৰ তৃতীয় অৱতাৰ আছিল বৰাহ। যিটোক ডাৰউইনে বিৱৰ্তনবাদত Mammals জাতীয় প্ৰাণীৰ কথা উল্লেখ কৰিছে। এই ৰূপৰ পৰাই মানৱৰো বিকাশ হৈছিল। বিৱৰ্তনবাদত ইয়াৰ পৰৱৰ্তী ৰূপ হিচাপে Primatesৰ কথা কৈছে, য'ত মানুহৰ লক্ষণ দেখা যায়- কিন্তু ই সম্পূৰ্ণ মানুহ নহয়। এইখিনিতে আহিল চতুৰ্থ নৰসিংহ অৱতাৰ, যি আছিল আধা মানুহ আৰু আধা সিংহ। পঞ্চম অৱতাৰত ভগৱানে বামন ৰূপ লৈছিল, যি মানুহৰ পূৰ্ণ ৰূপ আছিল যদিও উচ্চতা অতি কম আছিল। যাক ডাৰউইনে Humanidy বুলি কৈছে। বিৱৰ্তনবাদত ইয়াৰ পিছত আহিল Homoerectus, যি আছিল আদি মানৱ আৰু তেওঁলোকে সা-সঁজুলি, জুইৰ ব্যৱহাৰ ক্ৰমান্বয়ে শিকিছিল আৰু মানৱ সভ্যতাৰ বিকাশ হৈছিল। এই লক্ষণসমূহ ভগৱানৰ পৰশুৰাম অৱতাৰত দেখা যায়। ইয়াৰ মানৱৰ পূৰ্ণ ৰূপ Homosepiensৰ বিৱৰ্তন ঘটে। য'ত মানৱ সভ্যতা আৰু মানুহৰ চিন্তা-ধাৰণাই আধুনিক ৰূপ লাভ কৰে। এইখিনি লক্ষণ মৰ্যাদা পুৰুষোত্তমৰূপে পৰিচিত শ্ৰীৰামৰ অৱতাৰত দেখা যায়। গতিকে দেখা গ'ল যে ডাৰউইনে যি তত্ত্ব ১৮৫৯ চনত আগবঢ়াইছিল, সেইটো বৈদিক সাহিত্যত পৰোক্ষভাৱে হাজাৰ বছৰ আগতেই উল্লেখ আছে। ভগৱানৰ দশাৱতাৰক লৈ শ্ৰীমন্ত শংকৰদেৱে পাঁঁচশ বছৰৰ পূৰ্বে এটি বৰগীতো ৰচনা কৰিছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট যে, পাশ্চাত্যৰ বাবে পূৰ্বৰ ভাৰতৰ বৈদিক জ্ঞান আজিও অনুকৰণীয়।  ভাৰতৰ বৈদিক জ্ঞানত অসংখ্য বৈজ্ঞানিক তত্ত্বত সন্নিবিষ্ট হৈ আছে। বেদৰ অৰ্থই হৈছে জ্ঞান। যি জ্ঞান অপৰিৱৰ্তনীয় আৰু বিশ্বজনীন। এই প্ৰবন্ধ পঢ়াৰ পিছত হয়তো একাংশ অন্ধ বিজ্ঞানবাদী নাস্তিকে প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে। তেওঁলোকলৈ বিনম্ৰ অনুৰোধ- বেদৰ অধ্যয়ন আৰম্ভ কৰক!

(প্ৰবন্ধটো মোৰ বিদ্যালয়ৰ ইংৰাজী শিক্ষক পাৰ্থজ্যোতি (চেতিয়া)ছাৰলৈ আগবঢ়ালোঁ) 

Comments

  1. Very wonderfully crafted and expressed. Enjoyed your article thoroughly.

    ReplyDelete

Post a Comment