বৈচিত্ৰ্যতা- ভাৰতভূমিৰ মূল বৈশিষ্ট্য। এই ভূমিত উদযাপিত হোৱা বাৰেৰহণীয়া উৎসৱসমূহেও বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পৰিচয় বহন কৰে। সকলো ধৰ্মাৱলম্বী লোকসকলে উল্লহ-মালহেৰে পালন কৰে নিজ নিজ উৎসৱ-পাৰ্বণসমূহ। কেতিয়াবা আকৌ এটা পৃথক সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ উৎসৱত অংশ লৈ একতাৰ এনাজৰীডাল সুদৃঢ় কৰে। এয়াই ভাৰতবৰ্ষৰ সম্প্ৰীতিৰ অনন্য বৈশিষ্ট্য আৰু পৰিচয়। কিন্তু মানুহে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কিছু উন্নতি কৰিবলৈ আৰম্ভ কৰাৰ সময়ৰপৰাই যেন উৎসৱ-পাৰ্বণ উদয়াপনৰ ক্ষেত্ৰত অপসংস্কৃতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ সমাজৰ ভোগবাদ আৰু মনোৰঞ্জনৰ মানসিকতাই এই অপসংস্কৃতিত অধিক অৰিহণা যোগাইছে। যাৰ পৰিণতি হিচাপে আমাৰ পূজা মণ্ডপসমূহত বৰ্তমান বৈদিক ৰীতি-নীতিৰ পৰিৱৰ্তে কিছুমান বিজাতৰীয়া কোলাহলৰ পয়োভৰ ঘটা অধিক দেখা যায়, যিটো সভ্য সমাজৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয়। পূজা কৰাটো যেন এটা অজুহাত মাত্ৰ! মূল লক্ষ্য হৈছে মনোৰঞ্জন। উৎসৱ হৈছে অসীম আনন্দ-উল্লাসৰ সময়। আনন্দ-উল্লাস আৰু সস্তীয়া মনোৰঞ্জনৰ মাজত পাৰ্থক্য আছে। শাৰদীয় উৎসৱত পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে মৰ্জিত নৃত্য কৰাটো একপ্ৰকাৰৰ আনন্দ-উল্লাস। কিন্তু মাদক-দ্ৰৱ্যৰ ৰাগীত মতলীয়া হৈ অনুভাষ যন্ত্ৰ (Loud Speaker)ৰ অত্যধিক কোলাহলত নৃত্য কৰাটো কোনোপধ্য আনন্দ-স্ফূৰ্তি নহয়, ই কেৱল সস্তীয়া মনোৰঞ্জন। এনেধৰণৰ কাৰু-কাৰ্যই উৎসৱৰ সুস্থ পৰম্পৰাত আঘাত প্ৰদান কৰে। সেয়ে মনোৰঞ্জনৰ দিশটোক গুৰুত্বহীন কৰি উৎসৱ-পাৰ্বণৰ মূল তাৎপৰ্যক গুৰুত্ব দিয়া উচিত। কিন্তু এইবাৰ যেন কিছু পৰিৱৰ্তনে স্পৰ্শ কৰি যাব শাৰদীয় উৎসৱক। এইবাৰ দেখিবলৈ পোৱা নাযাব দেৱী দুৰ্গাৰ নামত হোৱা কোটিটকীয়া প্ৰতিযোগিতাবোৰ। লগতে শুনিবলৈ পোৱা নাযাব আধুনিকতাৰ কোলাহলবোৰ। নগণ্য সংখ্যক লোকেৰে সুস্থ পৰম্পৰাৰ মাজেৰে এইবাৰ উদযাপিত হ'ব শাৰদীয় উৎসৱ। মহামাৰী ক'ভিড-১৯ৰ ফলত উৎসৱসমূহত সস্তীয়া মনোৰঞ্জনৰ পয়োভৰ নাথাকিব।
Partha Jyoti Chetia: "I read your blog on how people have distorted the ways of celebrating festivals. I liked it." (by Whatsapp)
ReplyDelete