মহীৰূহৰ মহাপ্ৰয়াণত...

       

  অসমৰ বৌদ্ধিক জগতখনৰ অভিভাৱকস্বৰূপ হোমেন বৰগোহাঞি ছাৰৰ মহাপ্ৰয়াণ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক অপূৰণীয় ক্ষতি। বৰ্তমানৰ অসমীয়া সাহিত্য-সংবাদৰ যুগটোক ‘হোমেন বৰগোহাঞিৰ যুগ’ বুলি ক’লেও অতিৰঞ্জিত কৰা নহ’ব। ৭টা দশকজুৰি অসমৰ সাহিত্য তথা সংবাদ জগতখনত তেওঁ যি অৱদান আগবঢ়াই গৈছে সেয়া প্ৰতিজন অসমীয়াই হৃদয় স্পন্দনত চিৰদিন অনুভৱ কৰিব। শিশু, কিশোৰৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলো পাঠকৰ হিয়াৰ আপোন আছিল হোমেন বৰগোহাঞি ছাৰ। তেওঁৰ কলমৰ পৰা সৃষ্টি হোৱা অমূল্য শব্দবোৰে পাঠকৰ হৃদয় জয় কৰিছিল। ‘পিতা পুত্ৰ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘উচ্চাকাংক্ষা’, ‘তান্ত্ৰিক’ ৰ পৰা আৰম্ভ কৰি ‘আত্মানুসন্ধান’, ‘ধুমুহা আৰু ৰামধেনু’, ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’ৰ দৰে অসংখ্য কালজয়ী সাহিত্যৰে বৰগোহাঞি ছাৰে অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গ’ল। অসম সাহিত্য সভাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত হোমেন বৰগোহাঞি ছাৰে অসমীয়া বিশ্বকোষ প্ৰণয়ন তথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অসমীয়া সাহিত্যলৈ এক অবিস্মৰণীয় অৱদান আগবঢ়ায় থৈ গ’ল।  
               বৰগোহাঞি ছাৰৰ সাংবাদিকতাৰ শৈলীও আছিল অসাধাৰণ আৰু অনন্য। তেওঁৰ লেখাত থকা ভাষাৰ ওজস্বিতা আৰু স্পষ্টবাদিতাৰ বাবে সকলো পাঠকৰ সমাদৰ লাভ কৰিছিল। বৰ্তমানৰ অসমীয়া সংবাদ জগত তিনিজন মহীৰূহৰ আদৰ্শৰে প্ৰভাৱান্বিত বুলি ক’ব পাৰি তেওঁলোক হ’ল- তিলক হাজৰিকা, ৰাধিকামোহন ভাগৱতী আৰু সদ্য প্ৰয়াত হোমেন বৰগোহাঞি। ১৯৬৮ চনত চৰকাৰী চাকৰি পদত্যাগ কৰি বৰগোহাঞি ছাৰে ‘সাপ্তাহিক নীলাচল’ৰ সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৬৮ চনত আৰম্ভ হোৱা বৰগোহাঞি ছাৰৰ অবিৰত, ক্লান্তহীন সাংবাদিকতাৰ যাত্ৰা মৃত্যুৰ সময়লৈকে স্তব্ধ হোৱা নাছিল। মৃত্যুৰ সময়লৈ তেওঁ ‘নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ সবল নেতৃত্বৰ বাবে ‘নিয়মীয়া বাৰ্তা’ই অসমৰ সংবাদ জগতত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হ’ল। ‘নিয়মীয়া বাৰ্তা’ হৈ পৰিল অসমীয়া পাঠকৰ হিয়াৰ আপোন। ‘সম্পাদক আৰু সাংবাদিকতাৰ নীতি’ শীৰ্ষক লেখা এটাত তেওঁ লিখিছিল- ‘বাতৰিকাকতখনে যিবোৰ ছপা কৰে সেইকথাবোৰ শিশু, বৃদ্ধ, নিৰ্বিশেষেসকলোৱে পঢ়িব পৰাবিধৰ হ’ব লাগিব।’ ‘নিয়মীয়া বাৰ্তা’ই এই নীতি অতি দক্ষতাৰে পালন কৰিছিল বাবেই অসমৰ শিশু এজনৰ পৰা বয়োজ্যেষ্ঠ লোক এজনলৈ সকলোৰ প্ৰিয় হৈ পৰিছে কাকতখন। অসমৰ লগতে দেশ-বিদেশৰ ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক, শৈক্ষিক, বিজ্ঞান-প্ৰযুক্তিবিদ্যা ইত্যাদি সকলো দিশ তেওঁৰ ‘প্ৰথম কলমে’ স্পৰ্শ কৰিছিল। ‘সাপ্তাহিক নীলচল’ৰ পৰা ‘সূত্ৰধাৰ’, ‘অসম বাণী’, ‘আমাৰ অসম’, ‘দৈনিক বাতৰি’, ‘সাতসৰী’, ‘স্বাস্থ্য’কে আদি কৰি ‘নিয়মীয়া বাৰ্তা’লৈ সম্পাদক হিচাপে হোমেন বৰগোহাঞি ছাৰ আছিল নিৰ্ভীক, স্পষ্টবাদী আৰু আপোচবিহীন।

             অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাত হোমেন বৰগোহাঞি ছাৰৰ অৱদান আছিল অতুলনীয়। তেখেতে ভাষা-সাহিত্যৰ ভেঁটি হিচাপে শিশু সাহিত্য বিকাশৰ বাবে অত্যন্ত গুৰুত্ব প্ৰদান কৰিছিল। অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত লেখকসকলে শিশু সাহিত্যৰ প্ৰতি কৰা অৱহেলাৰ ক্ষেত্ৰত তেওঁ ‘আমাক কিতাপ লাগে’ শীৰ্ষক গ্ৰন্থখনত উদ্বেগ কৰি লিখিছে, ‘‘শিশু অৱস্থাতেই যেনেকৈ শাৰীৰিক পুষ্টিৰ আটাইতকৈ বেছি দৰকাৰ, মানসিক পুষ্টিৰো তেতিয়াই আটাইতকৈ বেছি দৰকাৰ। উপযুক্ত মানসিক আহাৰৰ অভাৱত মানসিক অপুষ্টিত ভোগা শিশুৱে কেতিয়াও ডাঙৰ হৈ এটা পূৰ্ণ বিকশিত মনৰ অধিকাৰী হ’বলৈ আশা কৰিব নোৱাৰে। শিশু অৱস্থাতেই যদি মানুহে নানা ধৰণৰ অলেখ কিতাপ পঢ়ি ভাষাৰ বিচিত্ৰ ৰহস্যময় সম্ভাৱনাৰ লগত পৰিচিত হ’বলৈ সুযোগ নাপায়, নিজৰ শব্দৰ সম্ভাৰ বঢ়াবলৈ সুযোগ নাপায়, তেন্তে ভৱিষ্যতে তেওঁ কেনেকৈ সুশিক্ষিত আৰু ৰসগ্ৰাহী মানুহ হৈ উঠিব। শিশু সাহিত্যৰ দৈন্যই হ’ল অসমীয়া ভাষা-সাহিত্যৰ বৃহত্তম দুৰ্বলতা।’’ সেয়েহে তেওঁ শিশু-কিশোৰৰ উপযোগীকৈ ৰচনা কৰি থৈ গৈছে ‘আধুনিক যুগৰ জন্ম-কাহিনী’, ‘কিতাপ পঢ়াৰ আনন্দ’, ‘মানুহ হোৱাৰ গৌৰৱ’, ‘কিশোৰ সাধনা’, ‘পোহৰৰ সাধনা’, ‘ডাৰউইন’, ‘মোৰ প্ৰিয় মানুহ চক্ৰেটিছ’ৰ দৰে অসংখ্য় জ্ঞানবৰ্ধক গ্ৰন্থ। তেওঁৰ অনুপস্থিতিয়ে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখনো শূন্য কৰি তুলিব।

             হোমেন বৰগোহাঞি ছাৰৰ মহাপ্ৰয়াণ অসমীয়া বৌদ্ধিক জগতৰ অপূৰণীয় ক্ষতি। যদিও শাৰীৰিকভাৱে বৰগোহাঞি ছাৰ আমাৰ মাজত উপস্থিত নাই তেওঁ আগবঢ়াই থোৱা সৃষ্টিৰ মাজেৰে তেওঁ প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰদিন জীয়াই থাকিব। শেষত, ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। 

Comments