এখন মনোৰম ডিটেক্টিভ উপন্যাস- ‘আতংকৰ শেষত’

                     

                   শিশু-কিশোৰৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলোৰে বাবে বিভিন্ন বিষয়ৰ কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰাটো এক মহৎ কাম বুলি ক
ব পাৰি। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ পঢ়াৰ অভ্যাসে তেওঁলোকক ভৱিষ্যতে এক সবল ৰূপত আগুৱাই নিয়াত সহায় কৰে। আজি ছাত্ৰ-ছাত্ৰীসকলে নিতান্তই পঢ়িবলগীয়া এখন মনোৰম কিতাপৰ বিষয়ে এই লেখাত আলোচনা কৰিবলৈ লোৱা হৈছে। কিতাপখন হৈছে স্বনামধন্য সাহিত্যিক ডঃ ভবেন্দ্ৰনাথ শইকীয়াদেৱে লিখা ডিটেক্টিভ উপন্যাস আতংকৰ শেষতএই উপন্যাসখন তেওঁ ১৯৪৮ চনত লিখিছিল। সেই সময়ত তেওঁ আছিল মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী। ১৯৫২ চনত নগাঁৱৰ পুথিঘৰ নামৰ প্ৰকাশন গোষ্ঠীটোয়ে আতংকৰ শেষতপ্ৰকাশ কৰি উলিয়াইছিল। ৰচনাকালৰ প্ৰায় সত্তৰৰো অধিক বছৰ পিছতো বৰ্তমানো আতংকৰ শেষতশিশু, কিশোৰ আৰু জ্যেষ্ঠসকলৰ মাজত ব্যাপক জনপ্ৰিয় হৈ আছে।
             
এই ডিটেক্টিভ উপন্যাসখনৰ জৰিয়তে ষোল্ল বছৰীয়া শইকীয়াদেৱৰ বিৰল সাহিত্যিক প্ৰতিভা আৰু অসামান্য কল্পনা শক্তিৰ সুন্দৰ প্ৰতিফলন ঘটিছে। শইকীয়াদেৱৰ কলমত উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰ, প্ৰতিটো কথা, প্ৰতিটো দৃশ্য জীৱন্ত ৰূপত প্ৰকাশ পাইছে। চহৰখনৰ ধনাঢ্য ব্যক্তি অমৰেন্দ্ৰ চলিহা, যিয়ে অসৎ উপায়েৰে ধন উপাৰ্জন কৰি সমাজৰ দৰিদ্ৰ জনসাধৰণক শোষণ কৰি আহিছে। সেইজন চলিহাৰ বিৰুদ্ধে আৰক্ষী তথা চৰকাৰৰ দৃষ্টিত দস্যুৰূপে পৰিচিত অমলৰ অভিযান। দস্যু অমলে অসৎ ধনৱন্ত লোকসকলৰ পৰা ধনদাবী কৰি দুখীয়াসকলক সহায় কৰি আহিছে। এই কাৰ্যকলাপৰ বাবে অমলক আটক কৰিবলৈ আৰক্ষী বিষয়া মিঃ নাথ আৰু চীফ ডিটেক্টিভ মিঃ জোশীয়ে কৰিছিল বৃহৎ পৰিকল্পনা। কিন্তু সকলো দিশতে চতুৰালিৰ পৰিচয় দিয়া উপস্থিতবুদ্ধিসম্পন্ন অমলে আৰক্ষীৰ সকলো পৰিকল্পনা বিফল কৰি নিজ লক্ষ্যত উপনীত হৈছিল। আতংকৰ শেষত’-ৰ প্ৰতিটো পৃষ্ঠাতে ৰোমাঞ্চকৰ বৰ্ণনা প্ৰকাশ পাইছে।
                 
ডঃ ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ এই ডিটেক্টিভ উপন্যাসখন অসমীয়া শিশু সাহিত্যলৈ এক উৎকৃষ্ট অৱদান। উপন্যাসখনৰ জৰিয়তে পাঠকে এক ৰহস্যধৰ্মী জগতৰ সৈতে পৰিচয় লাভ কৰিব আৰু ইয়াৰ প্ৰতিটো চৰিত্ৰতেই এক সুকীয়া আমেজ লাভ কৰিব। ৰহস্য়ধৰ্মী কাহিনী, গল্প আদি পঢ়ি ভালপোৱা প্ৰতিজন শিশু তথা কিশোৰ-কিশোৰীয়ে আতংকৰ শেষতনিতান্তই পঢ়া উচিত।

 

Comments