অনুদিত গল্প- ফাগুন

ফাগুন
মূল (ইংৰাজী)- ৰাস্কিন বণ্ড
অনুবাদ- প্ৰশান্ত বাৰ্মা


                         
       নিশাটো গৰম আছিল বৰষুণো পৰিছিল ভিতৰৰ পৰিৱৰ্তে মই বাৰাণ্ডাতে শুইছিলোঁ মোৰ বয়স তেতিয়া বিছ বছৰ মাত্ৰ কিছুদিন পূৰ্বে উপাৰ্জনৰ পথত ভৰি দিছিলোঁ আৰু মৰ্মে মৰ্মে কিছু ঘৰুৱা দায়িত্বৰ কথা উপলব্ধি কৰিছিলোঁ। 

ক্ষন্তেক পিছতে ৰিক্সাত উঠি ৰে'লৱে ষ্টেছনলৈ যাব লাগিব তাৰ পৰা ৰে'লেৰে বোম্বাইলৈ আৰু বোম্বাইৰ পৰা জাহাজত উঠি গন্তব্য স্থান ইংলেণ্ডলৈ চাকৰি, সাক্ষাৎকাৰ, কৰ্মজীৱনৰ ব্যস্ততা- এটা ভিন্ন জীৱন, 'ত ককাদেউতাৰ এই বাংলোটোত কটোৱা মুহূৰ্তবোৰ মোৰ মন-মগজুত কেৱল দুৰ্লভ স্মৃতিহে হৈ ৰ'

যেতিয়া মই শুই উঠিলোঁ- এটা ধূসৰ পুৱাৰ উমান পালোঁ। বৰষুণজাকৰ পৰশত ৰঙচুৱা হৈ পৰা ধৰাৰ বুকুৰ কেঁচা গোন্ধই মন-প্ৰাণ সতেজ কৰি তুলিলে তেনেতে আজি যোৱাৰ কথাটো মনত পেলালোঁ হঠাৎ দেখিলোঁ এজনী ছোৱালী বাৰাণ্ডাত থিয় হৈ বাগিছাখনলৈ থৰ লাগি চাই আছে তাইক দেখাৰ লগে-লগে মই বিছনাৰ পৰা উঠিলোঁ তাই দেখাত চুটি-চাপৰ, কিন্তু মৰমলগা আছিল ডাঙৰ-ক'লা চকুযুৰিৰ সৈতে ছোৱালীজনীৰ বেণীডালত এডাল ৰঙা ৰিবন জিলিকি আছিল ডাৱৰীয়া সতেজ পুৱাটোৰ দৰেই তাইৰ মুখখন উজ্জ্বল আৰু পৰিষ্কাৰ আছিল

গম্ভীৰ মুখখনৰ সৈতে তাই থিয় মোক চাই আছিল

হেল',”- মিচিকিয়া হাঁহিৰে তাইৰ গম্ভীৰ মুখখনক সৰল কৰিবলৈ যত্ন কৰিলোঁ কিন্তু তাই আত্মহাৰা হৈ আছিল লাহেকৈ মুখখন লৰাই মোৰ সম্ভাষণৰ সঁহাৰি দিলে

তোমাক কিদৰে সহায় কৰিব পাৰোঁ?”- সুধিলোঁ। বহু সময় তাই কোনোধৰণৰ সঁহাৰি নিদিয়াত হাত লৰাই পুনৰ সুধিলোঁ- তুমি ওচৰতে থাকা নে?”

তাই যেন গভীৰ প্ৰত্যয়ৰ সুৰত ক'লে, “হয়, কিন্তু মই নিজৰ সামাৰ্থ্যৰে থাকোঁ

মোৰ দৰেই- কিছু সময়ৰ বাবে বিছ বছৰীয়া হোৱা কথাটো পাহৰিবলৈ চেষ্টা কৰি পুনৰ ক'লো- মই ইয়াতে থাকিব বিচাৰোঁ কিন্তু আজি মই যাবলৈ ওলাইছোঁ

হয় নেকি?”- তাই সৰুকৈ ক'লে

-“তুমি ইংলেণ্ডলৈ যাবলৈ বিচাৰানে?”

-মই সকলো ঠাইলৈ যাব বিচাৰোঁ- তাই ক'লে, আমেৰিকা, আফ্ৰিকা, জাপান আৰু বহু ঠাই

আশা কৰোঁ তোমাৰ সপোন পূৰণ হওঁক- মই ক'লো

-“মই সকলো ঠাইলৈ যাব বিচাৰোঁ আৰু কোনেও মোক বাধা দিব নোৱাৰে.....  

–“কিন্তু....কিন্তু তুমি কি বিচাৰা, তুমি কি বিচাৰি ইয়ালৈ আহিছা?”

মোক কেইপাহমান ফুল লাগে, কিন্তু ডালটো মই ঢুকি পোৱা নাই- তাই বাগিছাখনত থকা মদাৰ গছজোপালৈ আঙুলিয়াই ক'লে- চোৱা, সেই গছজোপাৰ ফুল

মদাৰ গছজোপা ঘৰখনৰ সন্মুখতে আছিল গছজোপাৰ কাষতে এখন সৰু পুখুৰী মদাৰ ফুলবোৰ বাগিছাখনৰ চাৰিওফালে সিঁচৰতি হৈ আছিল গছজোপাৰ ডালবোৰ শকত আৰু সেই ডালবোৰতে ছোৱালীজনীক আকৰ্ষণ কৰা ফুলবোৰ পৰিপূৰ্ণ হৈ আছিল

-“ঠিক আছে, মই গছজোপাত উঠি ছিঙি দিম ৰবা

গছজোপা বগাবলৈ সুবিধাজনক আছিল। বগাবলৈ সহজ লগা তলৰ ডালটোতে মই উঠিবলৈ চেষ্টা কৰিলোঁ ছোৱালীজনীৰ গুৰু-গম্ভীৰ মুখখনলৈ চাই ওপৰৰ পৰাই মিচিকিয়া হাঁহি এটা মাৰি ক'লো- মই ফুলবোৰ ছিঙি তললৈ পেলাম, তুমি বুটলিবা

মই এটা ডালত হাউলিবলৈ চেষ্টা কৰিলোঁ, ডালটো কোমলীয়া আছিল ডালৰ পৰা ফুলবোৰ ছিঙিবলৈ কেইবাবাৰো পকাবলগীয়া হ'

আৰু ছিঙিব পাৰিম নে নাই, মই নিশ্চিত নহয়- ফুল এথোপা তললৈ পেলাই ক'লো

একো নাই- তাই ক'লে

গছজোপাতে কিছু সময় স্মৃতিকাতৰ হৈ ৰ'লো শৈশৱৰ সোণালী স্মৃতিবোৰ চকুৰ আগত ভাহি উঠিল বিশেষকৈ ককাৰ ঘৰখনৰ লগত জড়িত স্মৃতি আৰু বিগত বৰ্ষৰ ভূতৰ কথাবোৰ... কিন্তু এতিয়া মই অকলশৰীয়া, তেঁতেলী,কঁঠাল গছত বগোৱাৰ বাহিৰে কি কৰিব পাৰিলোঁ?

তোমাৰ নিশ্চয় বহুতো বন্ধু আছে- সুধিলোঁ

-হয়

- আৰু তোমাৰ প্ৰিয় কোন?”

-ৰান্ধনিজন, তেওঁ মোক পাকঘৰত থাকিবলৈ অনুমতি দিয়ে, যিটো মোৰ বাবে ঘৰখনত অকলশৰীয়াকৈ থকাতকৈ বেছি আমোদজনক তেওঁক ৰান্ধি থকা চাই ভাল লাগে লগতে তেওঁ মোক খাবলৈ বহুত বস্তু দিয়ে আৰু সাধুও কয়

-আৰু তোমাৰ দ্বিতীয় প্ৰিয় বন্ধু

তাই কিছু সময় তলমূৰ কৰি গভীৰ চিন্তাত মগ্ন হল আৰু লাহেকৈ ক'লে- তুমি

তাইৰ মূৰত মদাৰ ফুলৰ পাহবোৰ ছটিয়াই কলো, তুমি বৰ মৰমলগা আৰু দয়ালু। তোমাৰ প্ৰিয় বন্ধু হবলৈ পাই মই সুখী।

হঠাৎ গেটৰ সন্মুখৰ পৰা ৰিক্সা অহাৰ মাত শুনিবলৈ পালোঁ। গছৰ ওপৰৰ পৰাই তাইক কলো- ৰিক্সাখন মোৰ বাবে আহিছে। এতিয়া মই যাব লাগিব।

মই তললৈ নামিলোঁ।

তুমি মোক ছ্যুটকেছবোৰ দাঙিবলৈ সহায় কৰিব পাৰিবানে?”- বাৰাণ্ডাৰ ফালে আগবাঢ়িলোঁ- মোক সহায় কৰিব পৰা ইয়াত কোনো মানুহ নাই। মই যাবলৈ ওলাইছোঁ। যাবলৈ অকণো ইচ্ছা নাই কিন্তু মই বাধ্য

বিছনাতে বহি শেষবাৰৰ কিছু বস্তু বেগত সুমুৱালোঁ। ঘৰৰ সকলোবোৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। ষ্টেছনলৈ যোৱাৰ সময়ত ঘৰৰ চাবিবোৰ পৰিচৰ্যাকাৰীৰ হাতত দি যাব লাগিব। আৰু কৰিবলৈ একো নাছিল। ইতিমধ্যে ঘৰটো বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ এজেণ্টজনক অনুৰোধ জনাইছোঁ।  

মৌনভাৱেই আমি দুয়ো ৰিক্সাখনৰ অভিমুখে আগবাঢ়িলোঁ। এক আচহুৱা বিচ্ছেদৰ বিষাদে মোৰ মন আৱৰি ধৰিলে।

ধন্যবাদ- ভগা মাতেৰে কলো, আশাকৰোঁ আমি আকৌ লগ পাম।

তোমাক লণ্ডনত লগ পাম- তাই কলে, নতুবা আমেৰিকা নহলে জাপানত। মই সকলো ঠাইলৈ যাব বিচাৰোঁ

তাই মূৰটো লৰাই মিচিকিয়া হাঁহি এটা মাৰিলে। সেই হাঁহিত যেন উহ্য হৈ আছে বিষাদৰ অবৰ্ণনীয় চিন। ৰিক্সাচালকজনে পলম হোৱাৰ ইংগিত দিলে। মই উঠিলোঁ আৰু ৰিক্সাখন আগবাঢ়িল। তাই এখন হাত লৰাই বিদায় জনালে, আনখন হাতত মদাৰ ফুলৰ থোপা।

বিদায়- চিঞৰিলোঁ।

বিদায়- তায়ো দোহাৰিলে।

তাইৰ বেণীডালৰ পৰা ৰিবনডাল ঢিলা হৈ ফুলথোপাটোৰ সৈতে তলত পৰি গল। কিনকিনিয়া বৰষুণ এজাক পাৰ হৈ যোৱা পিছত সিক্ত হৈ পৰা পৃথিৱীখনৰ দৰেই তাইৰ মুখখন সতেজ আৰু পৰিষ্কাৰ দেখা গৈছিল।

 


লেখক পৰিচয়- ৰাস্কিন বণ্ড ভাৰতীয় ইংৰাজী সাহিত্যৰ এজন প্ৰসিদ্ধ সাহিত্যিক। বিশেষকৈ শিশু আৰু যুৱ-প্ৰজন্মৰ পাঠকৰ মাজত তেওঁৰ সৃষ্টিৰাজি বিশেষভাৱে জনপ্ৰিয়। বিগত প্ৰায় ৬ দশক ধৰি গল্প, উপন্যাস আৰু বিবিধ মনোৰম ৰচনাৰে তেওঁ সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে। ইংৰাজ মূলৰ এইগৰাকী সাহিত্যিকৰ প্ৰসিদ্ধ ৰচনাসমূহ হৈছে- ‘The Room On The Roof’, ‘Blue Umbrella’, ‘Delhi is no far’, ‘A Flight of Pigeons ইত্যাদি। পাঠকসকলৰ বাবে বৰ্তমানেও কলম চলাই থকা ৰাস্কিন বণ্ডে ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

(ফাগুন গল্পটি Rupa Publications-য়ে প্ৰকাশ কৰা ৰাস্কিন বণ্ডৰ ‘The Essential Collection for Young Readersত সন্নিবিষ্ট ‘The Coral Tree’ শীৰ্ষক গল্পটিৰ অনুবাদ)  

  

Comments