দুখন কিতাপৰ কথা...

       


(১) 

         অনাৰ্ছৰ ক্লাছ। বাহিৰত কিনকিনিয়া বৰষুণ। শ্ৰেণীকোঠাত শ্বেইকছপীয়েৰৰ 'ট্যুৱেলভ নাইট'ৰ পাঠদান চলি আছিল। বেঞ্চত বহি কমেডীখনৰ ব্যাখ্যা শুনাৰ সলনি সেই সময়ত মোৰ মন উৰি গৈছিল বৰফাবৃত্ত শ্বিলঙৰ পাহাৰবোৰলৈ। ঠিক 'দ্যা লাষ্ট পয়েম'ৰ পৃষ্ঠাত ৰবীন্দ্ৰনাথে বৰ্ণনা কৰা সেই পাহাৰবোৰলৈ। ডাৱৰীয়া বতৰৰ মাজত অমিতাভ-লাৱণ্যই কৰা হৃদয় নিবেদনৰ ময়ো যেন সাক্ষী হৈ ৰৈছিলো। শ্বিলং তেতিয়া অসমৰ। অমিতাভ-লাৱণ্যৰ যুগজয়ী কাহিনী লিখিবলৈ কবিগুৰু হেনো নিজেই আহিছিল শ্বিলঙলৈ। নৱম শ্ৰেণী থাকোঁতেই পঢ়িছিলোঁ উপন্যাসখন। কিন্তু আজিৰ বৰষুণজাকে হঠাৎ কোনো প্ৰসংগ নথকাকৈ 'লাষ্ট পয়েম'ৰ মনত পেলাই দিলে। কিছুদিন পিছতে ৰবীন্দ্ৰ জয়ন্তী। বাংলা সাহিত্যৰ জগতখনত তেওঁ 'ভগৱান'ৰ দৰে পূজ্য। সেই 'লাষ্ট পয়েম' পঢ়ি বিস্ময়াভিভূত হৈ পৰিছিলোঁ, কিয়নো সেইখনেই আছিল মই পঢ়া প্ৰথমখন ৰোমাণ্টিক উপন্যাস। ৰোমিও-জুলিয়েট, জংকী-পানৈৰ পিছতে মোৰ মনত আৰু দুটা নাম যোগ হৈছিল- অমিতাভ-লাৱণ্য। হয়, ৰবি ঠাকুৰৰ যুগজয়ী চৰিত্ৰ অমিতাভ-লাৱণ্য। অসমীয়া ভাষাতো উপন্যাসখন অনুবাদ হৈছে, ভাৱৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ। 


(২)

      ফেব্ৰুৱাৰীৰ ১০ তাৰিখ। ডাকযোগে অহা কিতাপৰ খামটো দেখিয়েই অনুমান কৰিলোঁ- ৰবেন্দ্ৰ ছাৰৰ পৰা অহা বুলি। তেখেতৰ পৰা লাভ কৰা ষষ্ঠখন কিতাপ। খুলি চাই দেখিলোঁ- কেইবাদিন ধৰি পঢ়িবলৈ বিচাৰি থকা কিতাপখনেই- ডঃ অমৰজ্যোতি চৌধুৰী ছাৰৰ 'ৰূপান্তৰত মই'। প্ৰিয় ব্যক্তিৰ শৈশৱৰ কথা জানিবলৈ প্ৰতিজন অনুৰাগীৰ থাকে দুৰ্বাৰ হেঁপাহ। 'ৰূপান্তৰত মই' শীঘ্ৰেই আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো। কিন্তু পৰীক্ষাৰ বাবে সেয়া সম্ভৱপৰ নহ'ল। শেষত ব'হাগৰ প্ৰথম দিনা আৰম্ভ কৰিলোঁ 'ৰূপান্তৰ'ৰ যাত্ৰা। বৰ্তমানলৈ কিতাপখন পঢ়ি শেষ হোৱা নাই যদিও কিতাপখনৰ আৰম্ভণিতে বহুমুখী প্ৰতিভাসম্পন্ন লেখকৰ মনোৰম শৈশৱৰ সুন্দৰ বৰ্ণনা প্ৰকাশ পাইছে। বোঁৱতী নৈৰ বুকুত কাগজৰ নাও সাজি ককা-আইতালৈ চিঠি পঠিওৱা শিশুজন মাকৰ বাণী লৈ অধ্যয়ন-নাটক-খেল সকলোতে পাৰ্গত হোৱাৰ সপোন দেখিলে। তাৰ পিছৰখিনি ইতিহাস। 'ৰূপান্তৰত মই'ৰ যাত্ৰা শেষ হ'বলৈ আৰু কিছুদিন প্ৰয়োজন হ'ব।

Comments