২০২২ বৰ্ষৰ আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মানে ভাৰতীয় সাহিত্য জগতখনলৈ আজুৰি আনিলে এক বিশেষ স্বীকৃতি। পোন প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় ভাষালৈ আগবঢ়োৱা হ'ল বিশ্বৰ সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান হিচাপে বিবেচিত বুকাৰ প্ৰাইজ। হিন্দী ভাষাৰ উপন্যাস 'ৰেট কি সমাধি'ৰ ইংৰাজী অনুবাদ 'Tomb of Sand'লৈ ২০২২ বৰ্ষৰ এই সন্মান আগবঢ়োৱা হৈছে। 'Tomb of Sand'ৰ লেখিকা হৈছে হিন্দী সাহিত্য জগতৰ জনপ্ৰিয় সাহিত্যিক গীতাঞ্জলি শ্ৰী। যোৱা ২৬ মে'ত লণ্ডনত আনুষ্ঠানিকভাৱে উপন্যাসখনৰ লেখিকা গীতাঞ্জলি শ্ৰী আৰু ইংৰাজী অনুবাদক ডেইজী ৰকৱেলক বুকাৰ প্ৰাইজ কমিটিয়ে এই বঁটা প্ৰদান কৰে।
'Tomb of Sand' হৈছে দেশ বিভাজনক মূল বিষয়বস্তু হিচাপে লৈ লিখা এখন উপন্যাস। উপন্যাসখনত প্ৰতিফলিত হৈছে বিভাজনৰ এক নিদাৰুণ ছবি। এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত সন্মুখীন হোৱা কষ্টকৰ মুহূৰ্ত তথা অভিজ্ঞতাবোৰ হৃদয়স্পৰ্শী ৰূপত প্ৰকাশ পাইছে। বিভাজনৰ তিক্ত স্মৃতি বুকুত বান্ধি ৰখা বৃদ্ধাগৰাকীয়ে পাকিস্তান যাত্ৰাৰ জৰিয়তে আশাৰৰ নতুন বীজ ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। দেশ বিভাজনৰ বীভৎস তথা বেদনাদায়ক হিংস্ৰ ছবিখন উপন্যাসখনৰ পৃষ্ঠাবোৰত সজীৱ হৈ উঠিছে। বিভাজনৰ হিংসাই এগৰাকী কিশোৰীক দিয়া মনঃস্তাত্বিক যন্ত্ৰণা যে কিশোৰীগৰাকীৰ বাবে আজীৱন বিহযুক্ত শড়লৈ পৰিৱৰ্তিত হৈ পৰিব- সেয়া তাইৰ বাবে কল্পনাৰ অতীত আছিল। সামগ্ৰিকভাৱে 'Partition Literature'ৰ ক্ষেত্ৰখনত 'Tomb of Sand' এক অনন্য অৱদান। আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ কমিটিৰ মুখ্য বিচাৰক Frank Wynneয়ে উপন্যাসখনক এই সন্মানৰ বাবে বিবেচনা কৰি কয়, "This is a luminous novel of India and partition, but one whose spellbinding brio and fierce compassion weaves youth and age, male and female, family and nation into a Kaleidoscope whole."
২০২২ বৰ্ষৰ এই সন্মানে ভাৰতীয় আঞ্চলিক ভাষাৰ সমৃদ্ধক পুনৰ এবাৰ স্বীকৃতি প্ৰদান কৰিলে। আঞ্চলিক ভাষাৰ জৰিয়তেও যে, উচ্চ স্তৰৰ বিশ্বজনীন সাহিত্য সৃষ্টি হ'ব পাৰে, তাৰ স্পষ্ট প্ৰমাণ এইবাৰৰ বুকাৰ বঁটা। অনুবাদৰ জৰিয়তে এনে কালজয়ী সৃষ্টিসমূহ বিশ্ব দৰবাৰলৈ লৈ যোৱা সম্ভৱ। ভাৰতৰ বিবিধ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য বিশ্ববাসীৰ আগত প্ৰতিফলিত কৰাত 'Tomb of Sand'ৰ ভূমিকা হ'ব তাৎপৰ্যপূৰ্ণ। বঁটা গ্ৰহণ কৰাৰ পিছত লেখিকা গীতাঞ্জলি শ্ৰীয়ে কয়, "This is not just about me the individual. I represent a language and culture and this recognition brings into larger purview the entire world of Hindi Literature in particular and Indian Literature as a whole.
শেষত, ২০২২ বৰ্ষটোত ভাৰতবৰ্ষই লাভ কৰা এক বিৰল স্বীকৃতিৰূপে চিহ্ণিত হৈ ৰ'ব এই বৰ্ষৰ বুকাৰ সন্মান। আঞ্চলিক ভাষাৰ সাহিত্যই বিশ্ব সাহিত্যৰ ক্ষেত্ৰখনত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰাটো নিতান্তই প্ৰতিজন সাহিত্যানুৰাগীৰ বাবে এক অপূৰ্ব আনন্দৰ কথা।
Comments
Post a Comment