"...মৰম জ্যোতিৰ পম খেদি খেদি
বোৱালোঁ গুপুতে অশ্রুধাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ....।"
৫ নৱেম্বৰ ২০১১। বিয়লি মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালৰ পৰা আহিছিল সেই দুঃখবৰটো। শোকস্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। মহাজীৱনৰ নাট সামৰি কোনো অজান মুলুকলৈ যাযাবৰী পক্ষীৰ দৰেই যেন মহাপ্ৰস্থান কৰিছিল তেওঁ। আজীৱন সৃষ্টিৰ যোগেদি অসমী আইৰ বাবে জীৱন উৎসৰ্গা কৰা মানুহজনে শেষ মুহূৰ্ত্তত বিচৰাৰ দৰেই আপোন মানুহৰ প্ৰকাশ কৰিব নোৱৰা মৰম পাইছিল। চকুলো টুকুছিল তেওঁক ভালপোৱা অজস্ৰজনে। নক'লেও হ'ব তেওঁ আন কোনো নহয় বৰঞ্চ শংকৰ-মাধৱ, জ্যোতি-বিষ্ণু, ৰসৰাজ-নটসূৰ্যৰ পিছতে যাৰ নাম প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰে, তেৱেঁই আমাৰ হিয়াৰ আমঠু, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা।
সুধাকণ্ঠ- এই অভিধাটোৰ দ্বাৰাই যেন প্ৰতিফলিত হয় তেওঁৰ সমগ্ৰ জীৱন। একেধাৰে সংগীতজ্ঞ, সুৰকাৰ, নাট্যকাৰ, সংগীত-চলচ্চিত্ৰ পৰিচালক, সাংবাদিক, অধ্যাপক ডঃ হাজৰিকাই ওৰে জীৱন স্বদেশ আৰু স্বজাতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ দৰিদ্ৰ, শোষিত, নিষ্পেষিত তথা মুক্তিকামী জনগণৰ সবল প্ৰতিবাদী কণ্ঠ হোৱাৰ লগতে অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা অদ্বিতীয় অসমীয়া। তেওঁৰ কালজয়ী গীতসমূহত বিশ্বজনীন বাৰ্তা প্ৰতিফলিত হয়, প্ৰতিফলন ঘটে অসমীয়া চহা গ্ৰাম্য জীৱনৰ অকৃত্ৰিম প্ৰতিচ্ছবি। বুঢ়া লুইতৰ পাৰত বহি ৰজাৰ দোলা কঢ়িয়াই নিয়া, হাড় ভগা পৰিশ্ৰম কৰা কৃষকৰ বেথাক লৈ গীত লিখা সুধাকণ্ঠৰ সৃষ্টিৰ বাৰ্তা সময়ৰ পৰিৱৰ্তনশীল গতিতো অপৰিবৰ্তনীয়। যাযাবৰী পক্ষী হৈ কেতিয়াবা অটোৱাৰ পৰা অষ্ট্ৰিয়া, কেতিয়াবা আকৌ পেৰিছৰ পৰা চিকাগো- বিশ্বৰ চুকে-কোণে তেওঁ বিলাই গৈছে অসমীয়া কৃষ্টি সংস্কৃতিৰ অনন্য জয়ধ্বনি। প্ৰশান্ত মহাসাগৰৰ পাৰত উৰ্মিমালাৰ উচ্চতাত থিয় হৈ তেওঁ অসমীয়া জাতিক বিশ্বৰ পংগু অংগ নহয়, আত্মনিৰ্ভৰশীল হোৱাৰ উপদেশ দি গৈছে। তেওঁৰ সৃষ্টি মহাসমুদ্ৰৰ দৰেই বিস্তৃত, যাৰ ব্যাখ্যা কিঞ্চিৎ শব্দৰে কৰাটো অসম্ভৱ। সেয়েহে গীতৰ বিশ্বজনীন বাৰ্তাৰ দ্বাৰাই সমগ্ৰ বিশ্বক জয় কৰা এই গৰাকী মহান শিল্পীৰ হিমালয়সদৃশ বিশাল শিল্পসত্তাৰ বিষয়ে আলোচনা কৰিবলৈ আমি দৃষ্টতা নকৰোঁ।
এই বৰ্ষৰ ৫ নৱেম্বৰত মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণ ঘটা ১১টা বৰ্ষ সম্পূৰ্ণ হ'ব। এই ১১টা বৰ্ষত তেওঁৰ কালজয়ী সৃষ্টিৰাজি সংৰক্ষণ তথা প্ৰচাৰ-প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি কিমানদূৰ সক্ষম হ'লো- নিতান্তই এয়া বিচাৰ্যৰ বিষয়। বিশেষকৈ নতুন প্ৰজন্মৰ দায়িত্ব এইখিনিতে উনুকিয়াব লাগিব। শিল্পীগৰাকীৰ সৃষ্টিৰাজি প্ৰসাৰৰ ক্ষেত্ৰত ল'বলগীয়া বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ চৰকাৰে তথা জনসাধাৰণে গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। পলমকৈ হ'লেও দেশৰ সৰ্ব্বোচ্চ সন্মান ডঃ হাজৰিকাক প্ৰদান কৰা বিষয়টোৱে অসমীয়া ৰাইজক সুখী কৰিলে যদিও ডঃ হাজৰিকাৰ অৱদান কোনো বঁটা তথা সন্মানৰ সৈতে তুলনা কৰা অনুচিত। সমগ্ৰ জীৱন তেওঁ অসমী আইৰ কোলাতে বহি জীৱন-সংগ্ৰাম, অন্যায়ৰ বিৰুদ্ধে গীত লিখি গৈছিল। লাগিলে সেয়া ছবছৰীয়া অসম আন্দোলন হওঁক অথবা ১৯৬২চনৰ চীন-ভাৰত যুদ্ধ, সদায় তেওঁ অসম আৰু অসমীয়াৰ শক্তিশালী কণ্ঠ হৈ থিয় দিছিল। অসীম যশস্যা লাভ কৰা পিছতো তেওঁ সদায় অসমী আইকে স্মৰণ কৰি তেওঁৰ দায়িত্বৰ কথা সোঁৱৰিছে-
"আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ’ কিহেৰে পুজিমে তোক...
আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ’ জীৱন দি শুজিমে ধাৰ…."
একাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অনন্ত কাললৈ অসমী আইৰ বক্ষত বৈ থকা বুঢ়া লুইতৰ দৰে তেওঁ সদায় নিজৰ বৰ্ণিল সৃষ্টিৰ দ্বাৰা অসমীয়াৰ বুকুত চিৰ জ্যোতিষ্মান হৈ ৰওক।
Comments
Post a Comment