অসম বুৰঞ্জীৰ সোণালী পৃষ্ঠাত যিসকল ব্যক্তিয়ে নিজৰ অসীম সাহস আৰু ত্যাগৰ জৰিয়তে দেশমাতৃৰ স্বাৰ্থত সৰ্বোচ্চ বৰঙণি আগবঢ়াই থৈ গৈছে, সেইসকলৰ অন্যতম মহাবীৰ লাচিত বৰফুকন। আহোম ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ বীৰ যোদ্ধাজনেই হৈছে- লাচিত। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা হিচাপে কাৰ্যনিৰ্বাহ কৰা মোমাই তামুলী বৰবৰুৱাৰ সপ্তম সন্তান লাচিত বৰফুকনৰ জন্ম ১৯২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত হৈছিল। পিতৃৰ কৰ্তব্যনিষ্ঠা আৰু দক্ষতাই সৰুৰে পৰা লাচিতক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত লাচিতে আহোম শাসকসকলে প্ৰদান কৰা বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে- ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱাৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছিল।
দোলাকাষৰীয়া বৰুৱা পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ বিৰুদ্ধে যুদ্ধত লাচিত বৰফুকনক প্ৰধান সেনাপতিৰ দায়িত্ব প্ৰদান কৰিছিল। লাচিত বৰফুকনৰ সুদক্ষ নেতৃত্বৰ বাবেই ইতিপূৰ্বে আহোমৰ পৰা দখল কৰা ইটাখুলি আৰু গুৱাহাটী দুৰ্গ মোগলৰ পৰা আহোম সেনাই উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত ১৬৬৯ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱে ৰামসিংহৰ নেতৃত্বত পঠিওৱা মোগল বাহিনীয়ে নামনি অসম কোনোধৰণৰ বাধা লাভ নকৰাকৈয়ে নামনি অসম অধিকাৰ কৰি গুৱাহাটী অভিমুখে আগবাঢ়িছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশমৰ্মে লাচিতে গুৱাহাটী নগৰক মোগলৰ পৰা ৰক্ষা কৰিবলৈ গড়বন্ধা কাম ক্ষিপ্ৰতাৰে কৰিবলৈ দায়িত্ব লৈছিল। এনে গড় বন্ধাৰ কাম গাফিলতি কৰাৰ বাবেই লাচিতে নিজৰ মোমায়েকক চৰম শাস্তি প্ৰদান কৰিছিল। এই ঘটনাৰ যোগেদিয়েই যুগ যুগ ধৰি তেওঁৰ দেশপ্ৰেমৰ নিদৰ্শন শ্ৰদ্ধাৰে স্মৰণ কৰি অহা হৈছে। আহোম বাহিনীৰ সৈতে হোৱা নৌ-যুদ্ধত ৰামসিংহৰ মোগল সেনা পৰাস্ত হৈ হাজোলৈ পিছুৱাই গৈছিল। কিন্তু আলাবৈ পাহাৰত হোৱা যুদ্ধত মোগল বাহিনীয়ে আহোম বাহিনীক পৰাজিত কৰে। আলাবৈৰ যুদ্ধৰ কিছুদিন পিছতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হৈ আৰু তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভাতৃ উদয়াদিত্য সিংহ সিংহাসনত আহোৰণ কৰে। আলাবৈ ৰণৰ পিছত ৰামসিংহই গুৱাহাটী নগৰ নিজৰ দখললৈ আনিবলৈ অভিসন্ধি কৰে। এনে অভিসন্ধিৰ ফলশ্ৰুতিতে স্বৰ্গদেউ উদয়াদিত্য সিংহই লাচিত বৰফুকনক প্ৰধান সেনাপতিৰ দায়িত্ব দি মোগলক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৬৭১ খ্ৰীষ্টাব্দত গুৱাহাটীৰ সমীপৰ শৰাইঘাটত দুয়োপক্ষৰ মাজত তুমুল যুদ্ধ হয়। ইতিহাস প্ৰসিদ্ধ এই শৰাইঘাট যুদ্ধত নৰিয়া অৱস্থাতেই মোগল বাহিনীৰ বিৰুদ্ধে সবল নেতৃত্ব প্ৰদান কৰি আহোম সেনাক বিজয়ৰ শিৰস্ত্ৰাণ পৰিধান কৰাইছিল। শৰাইঘাট যুদ্ধত পৰাস্ত হৈ ৰামসিংহৰ মোগল বাহিনীয়ে অসম ত্যাগ কৰে। এই যুদ্ধৰ পিছতে লাচিতৰ প্ৰয়াণ ঘটে।
নিজৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ যোগেদি আজীৱন দেশমাতৃক সেৱা আগবঢ়োৱা লাচিত বৰফুকন বৰ্তমানো প্ৰতিজন অসমীয়াৰ বাবে প্ৰৰণাৰ শক্তিশালী প্ৰতীক হৈ আছে। নৰিয়া অৱস্থাতো দেশৰ স্বাৰ্থত সদায় আগৰণুৱা হৈ থকা লাচিত বৰফুকনে নিজৰ দায়িত্বৰ ক্ষেত্ৰত তিল মানো আপোচ কৰা নাছিল। একৈশ শতিকাৰ অসমৰ বাবে লাচিতৰ এই আদৰ্শ অতিকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ লাচিত বৰফুকনৰ কৰ্মসংস্কৃতিৰ আদৰ্শৰ অবিহনে ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ তুলনাত অসমক অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ইত্যাদি সকলো দিশতে আগুৱাই লৈ যোৱাটো অসম্ভৱ। অসমক এখন উন্নত ৰাজ্যৰূপে গঢ় দিবলৈ প্ৰতিজন অসমীয়াই হাড় ভগা শ্ৰম কৰিব লাগিব। ইয়াৰ বাবে প্ৰতিজনে নিজ-নিজ দায়িত্ববোৰ অতি নিষ্ঠাৰে মন-প্ৰাণ দি কৰি লাগিব। নিজৰ দায়িত্বত আপোচ কৰা মানেই দেশ মাতৃক ফাঁকি দিয়া বুলি ভাবিব লাগিব। প্ৰশাসনিক পৰ্যায়ৰ পৰা শিক্ষা, বিত্ত, ব্যৱসায় সকলো ক্ষেত্ৰতে লাচিতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰিব লাগিব। সেয়েহে মহাবীৰ গৰাকীৰ ৪০০ তম্ জন্ম জয়ন্তীত আমি সকলোৱে লাচিত বৰফুকনৰ আদৰ্শৰে উদ্বুদ্ধ হৈ অসমক আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰিব লাগে। ৪০০ তম্ জন্মবাৰ্ষিকীত বীৰ লাচিত বৰফুকনক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
Comments
Post a Comment