গুজৰাট-হিমাচলৰ নিৰ্বাচনী ফলাফল আৰু '২৪ৰ ৰণকৌশল


          সদ্যসমাপ্ত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত বিশেষ কৌতূহল দেখিবলৈ পোৱা গৈছে। যোৱা ৮ ডিচেম্বৰত দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। প্ৰতিটো ৰাজনৈতিক শক্তিয়ে ঐই নিৰ্বাচনী ফলাফলক সুকীয়া-সুকীয়াৰূপে গ্ৰহণ কৰিছে। গুজৰাটত বিজেপিয়ে বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লগতে অভিলেখ সংখ্যক সৰ্বাধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিছে। আনহাতে হিমাচলত জয়ৰাম ঠাকুৰৰ নেতৃত্বাধীন বিজেপি চৰকাৰ ওফৰাই কংগ্ৰেছ ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে। এই নিৰ্বাচনত আম আদমী পাৰ্টী (AAP)ৰ ভূমিকাও আছিল বেছ চৰ্চিত। সামগ্ৰিকভাৱে এই নিৰ্বাচন কোনো এটা বিশেষ ৰাজনৈতিক শক্তিৰ বিজয় হিচাপে অভিহিত কৰিব নোৱাৰি যদিও নিজ-নিজ ক্ষেত্ৰত সকলোৱে নিজৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি।

গুজৰাটৰ ফলাফল- ১৯৯৫ চনৰ পৰা। গুজৰাটৰ শাসনত থকা বিজেপিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ এবাৰ ৰাজ্যখনৰ ক্ষমতা লাভ কৰিলে। গুজৰাট বিধানসভাৰ মুঠ ১৮২খন আসনৰ ভিতৰত বিজেপিয়ে অভিলেখসংখ্যক ১৫৬খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৭খন, আম আদমী পাৰ্টীয়ে ৫খন আৰু অনান্য দলসমূহে ৪খন শাসন লাভ কৰিছে। দেশৰ দুগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য হোৱা হেতুকে গুজৰাট বিধানসভা নিৰ্বাচন দেশ-বিদেশৰ সংবাদ মাধ্যমৰ ব্যাপক চৰ্চাৰ বিষয় আছিল। মূলতঃ সবল সাংগঠনিক শক্তিৰ আৰু বিগত চৰকাৰসমূহে কৰা উন্নয়নৰ ফলস্বৰূপে বিজেপিয়ে পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰাটো স্পষ্ট। ইয়াৰোপৰি গুজৰাটৰ এই নিৰ্বাচনত পূৰ্বৰ দৰেই বিজেপিয়ে প্ৰধানমন্ত্ৰী মোডীক সন্মুখত ৰাখিয়েই যুঁজত নামিলে। এইবাৰ নিৰ্বাচনত নতুন চেহেৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাত গুৰুত্ব দিছিল দলটোৱে, যাৰ ফলত জনসাধাৰণে দলটোৰ প্ৰতি বিশেষ আকৰ্ষণ প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল। আনহাতে, গুজৰাট বিধানসভা নিৰ্বাচনত ৰাজ্যখনত চৰকাৰ গঠনৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনত মুকথেকেচা খোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ বাবেও বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে। ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো' মাত্ৰাৰ প্ৰভাৱ গুজৰাটত নপৰিল যাৰ বাবে ৰাজ্যখনৰ ইতিহাসত দলটোৱে শোচনীয় প্ৰদৰ্শন কৰিলে। দলটোৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাজ্যখনৰ নিৰ্বাচনত বিশেষ তৎপৰতা দেখুওৱাত ব্যৰ্থ হ'ল। আম আদমী পাৰ্টীয়ে যদিও ৰাজ্যখনত চৰকাৰ গঠন কৰিব নোৱাৰিলে কিন্তু ৰাজ্যখনত দলটোৱে সাংগঠনিক ভেঁটি স্থাপন কৰাত সফল হ'ল। গুজৰাটৰ প্ৰায় ১৩% ভোটাৰে আপক গ্ৰহণ কৰাটো দলটোৰ এক সফলতা হিচাপেই অভিহিত কৰিব পাৰি। 

হিমাচল প্ৰদেশৰ ফলাফল- পূৰ্বানুমান অনুসৰিয়েই হিমাচল বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গ'ল আৰু শেষত জয়ৰাম ঠাকুৰৰ নেতৃত্বাধীন বিজেপি চৰকাৰক ওফৰাই কংগ্ৰেছে ক্ষমতা লাভ কৰিলে। ৰাজ্যখনৰ মুঠ ৬৮ আসনৰ ভিতৰত ২৫খন বিজেপিয়ে, কংগ্ৰেছে ৪০খন, অনান্য দলসমূহে ৩খন আসন লাভ কৰিছে। কংগ্ৰেছে ৰাজ্যখনত যদিও একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ হাৰৰ তাৰতম্য মাত্ৰ ১%। ইয়াৰ দ্বাৰাই অনুমান কৰিব পাৰি যে, এই নিৰ্বাচনত দুয়োটা দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল। সামগ্ৰিকভাৱে, বিগত কেইবাটাও নিৰ্বাচনত ধাৰাবাহিকভাৱে বেয়া প্ৰদৰ্শন কৰি অহাৰ পিছত হিমাচল ফলাফলে স্বাভাৱিকতে কংগ্ৰেছ নেতৃত্বক উৎসাহিত কৰি তুলিছে। ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টী ক্ষমতাচ্যুত হোৱাৰ আঁৰত ৰাজনৈতিক বিশ্লেষকসকলে একাংশ ৰাজ্যিক নেতাৰ মাজৰ দলীয় অন্তঃকন্দলক মূল কাৰণ হিচাপে চিহ্ণিত কৰিছে। কিয়নো গুজৰাটক অনুকৰণ কৰি পূৰ্বৰ বহু বিধায়ক প্ৰাৰ্থিত্ব দিয়া নাছিল দলটোৱে। ইয়াৰোপৰি প্ৰতিষ্ঠান বিৰোধী ঢৌৱেও দলটোৰ বিপৰ্যয়ৰ অন্যতম কাৰণ হিচাপে বিবেচিত কৰা হৈছে।

২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণকৌশল- গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলে ২০২৪ চনত দেশত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত কিদৰে প্ৰভাৱ পেলায়, সেয়া হ'ব লক্ষণীয়। বিজেপিয়ে অভিলেখসংখ্যক আসনেৰে গুজৰাট দখল কৰিলেও হিমাচল আৰু সদ্য অনুষ্ঠিত দিল্লীৰ পৌৰ নিগম নিৰ্বাচনত সন্মুখীন হোৱা বিপৰ্যয়ে ২০২৪ৰ বাবে বিজেপিৰ বিজয়ৰ পথত নতুন প্ৰত্যাহ্বান হিচাপে থিয় দিছে। আনহাতে, কংগ্ৰেছক জনসাধাৰণৰ লগত একাত্ম কৰাৰ অৰ্থে ৰাহুল গান্ধীয়ে আৰম্ভ কৰা 'ভাৰত জোড়ো' যাত্ৰাই কিদৰে ২০২৪ৰ নিৰ্বাচনত ফলপ্ৰসূ প্ৰভাৱ পেলাব নে নাই- সেয়াও সন্দেহৰ আৱৰ্তত কিয়নো গুজৰাটত দলটোৱে সৰ্বকালৰ সৰ্বনিম্ন প্ৰদৰ্শন কৰিছে। একে নিৰ্বাচনত দলটোৱে ২০১৭ চনত ৭৪খন আসন লাভ কৰিছিল, যিটো এইবছৰ ১৭খনলৈ হ্ৰাস হৈছে। হিমাচলৰ ফলাফলক কংগ্ৰেছ দলৰ ব্যাপক সফলতা বুলি অভিহিত কৰিব নোৱাৰি, বিশেষকৈ ভোটৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি। দুয়োখন ৰাজ্যৰ এই নিৰ্বাচনত আম আদমী পাৰ্টীৰ উত্থান বিশেষ মন কৰিবলগীয়া। যদিও 'আপ'ৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুজৰাটত চৰকাৰ গঠনৰ স্বপ্ন বাস্তৱায়িত নহ'ল কিন্তু যিখন ৰাজ্যত দলটোৰ কোনো সাংগঠনিক ভেঁটি নাছিল, সেইখন ৰাজ্যত দলটোৱে ১৩% ভোটৰ দ্বাৰা ৫খন আসন লাভ কৰিছে- নিশ্চয় দলটোৰ বাবে এয়া এক আশাব্যঞ্জক বতৰা। দিল্লী আৰু পঞ্জাৱত চৰকাৰ গঠনৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু বিজেপিৰ বাবে নতুন প্ৰত্যাহ্বান হিচাপে থিয় দিছে। একে সময়তে অনুষ্ঠিত হোৱা দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত দলটোৱে ১৫ বছৰ ধৰি শাসন কৰি থকা বিজেপিক পৰাভূত কৰিলে। দিল্লীত আপৰ চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনি সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে, যাৰ বাবে ভোটাৰে কংগ্ৰেছৰ যোগ্য বিকল্প হিচাপে আপক ক্ষমতা প্ৰদান কৰি বিজেপিক ক্ষমতাচ্যুত কৰাৰ কথা বিশ্লেষকসকলে প্ৰকাশ কৰিছে। মুঠৰ ওপৰত ২০২৪ চনৰ নিৰ্বাচনলৈ এতিয়াও দীৰ্ঘ সময় আছে আৰু আগন্তুক ২০২৩ বৰ্ষত ৰাজস্থান, মধ্যপ্ৰদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছত্তীছগঢ়, কৰ্ণাটক, তেলেংগানা, মেঘালয় মুঠ ৯খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে গুজৰাট-হিমাচলৰ ফলাফলক ভিত্তি কৰি ২০২৪ৰ নিৰ্বাচন সম্পৰ্কে এতিয়াই স্পষ্টকৈ বিশ্লেষণ আগবঢ়োৱাটো কঠিন কিন্তু এটা কথা স্পষ্ট যে, '২৪ৰ নিৰ্বাচনত শাসনাষ্ঠিত বিজেপিয়ে কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু বিৰোধীৰ সন্মিলিত মৰ্চাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।

Comments