বিগত ডিচেম্বৰত ৩য় ছেমিষ্টাৰৰ পৰীক্ষাৰ অন্তত এখন অগতানুগতিক উপন্যাস পঢ়িবলৈ সুযোগ লাভ কৰিলোঁ। এই উপন্যাসখনক সাম্প্ৰতিক সমাজ জীৱনৰ জীৱন্ত প্ৰতিচ্ছবি দাঙি ধৰা এখন বাস্তৱবাদী গ্ৰন্থ হিচাপে অভিহিত কৰিব কৰিব পাৰি। ২০১৩ চনত প্ৰথম প্ৰকাশ হোৱা উপন্যাসখনে ইতিমধ্যে সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া গ্ৰন্থৰ তালিকাত অন্তৰ্ভূক্ত হৈছে আৰু উপন্যাসখনৰ দহটাতকৈ অধিক সংস্কৰণ প্ৰকাশ পাইছে। উপন্যাসখন হৈছে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ 'নীল প্ৰজাপতি'।
আধুনিক সমাজখন তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত যিমানেই ক্ষিপ্ৰ গতিৰে আগবাঢ়ি গৈছে, সিমানেই মানুহৰ মাজত যেন মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে। সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজিও নোহোৱা হৈছে। যাৰ বাবে জীৱনবোৰ অসহনীয় তথা বিষময় হৈ পৰিছে। কৰ্পৰেট বিশ্বই মানুহক একোটা যন্ত্ৰলৈ পৰিৱৰ্তিত কৰিছে। দিনজোৰা ব্যস্ততাৰ পিছত পৰিয়ালৰ বাবে সময়কণ নোহোৱাটোও মানৱৰূপী যন্ত্ৰৰ বাবে মেন স্বাভাৱিক অজুহাত। ভাৱৰ বিনিময় মানুহৰ মানসিক প্ৰশান্তিৰ সুধাস্বৰূপ, কিন্তু কৰ্পৰেট খণ্ডৰ দ্ৰুত প্ৰসাৰৰ ফলত মানুহৰ অৱসাদ ইমানেই বৃদ্ধি হৈছে যে মনৰ কথাবোৰ প্ৰাণভৰি ক'বলৈ অথবা শুনিবলৈও ক্ষন্তেক ধৈৰ্য নাই। বিশ্বায়ন-আধুনিক সমাজ ব্যৱস্থাত প্ৰেমৰ মধুৰ সম্পৰ্ক নিমিষতে শেষ হৈছে। উপৰোক্ত প্ৰতিটো দিশ অতি সমুজ্জ্বল ৰূপত 'নীল প্ৰজাপতি'ত প্ৰতিফলিত হৈছে। 'নীল প্ৰজাপতি'ৰ প্ৰতিটো পৃষ্ঠাই উদঙাই দিছে প্ৰভুত্বশালী পৰিয়ালৰ মাজত চলি থকা অন্তঃদ্বন্দৰ ছবিখন। পৰিয়াল একোটাৰ মুখ্য চৰিত্ৰ হিচাপে পতি আৰু পত্নীৰ মাজৰ সম্পৰ্কও সাৱলীলভাৱে উপন্যাসখনত উপস্থাপন কৰা হৈছে। ব্যস্ততাপূৰ্ণ জীৱনযাত্ৰাত সময়ৰ অভাৱে দুয়োটা সম্বন্ধৰ মাজত জটিল ৰূপ গঢ় দিয়ে। বিশেষকৈ পাৰস্পৰিক বুজাপৰা, ভাৱৰ বিনিময়, মৰম, শ্ৰদ্ধা, যৌনতা ইত্যাদিৰ দ্বাৰা একোগৰাকী পতি আৰু পত্নীৰ মাজৰ মধুৰ সম্পৰ্ক গঢ় লৈ উঠে। সময়ৰ অভাৱে এই সম্পৰ্কৰ মধুৰতা ক্ৰমাৎ বিষাক্ত কৰি তোলে। উপন্যাসখনৰ তিনি দম্পতীঃ সুজয়-ৰিমঝিম, নীলেশ-সুভদ্ৰা আৰু ৰাহুল-ঊষাৰ মাজৰ সম্পৰ্কত জটিলতা আহিছিল সময়ৰ অভাৱ আৰু পাৰস্পাৰিক বুজাবুজিৰ অভাৱৰ বাবেই।
নাৰীৰ স্বাধীনতাৰ বিষয়টোও ঔপন্যাসিকাই অতি সবল ৰূপত উপস্থাপন কৰিছে। বিশেষকৈ নাৰীৰ আৰ্থিক স্বাধীনতাৰ দিশটো ৰিমঝিম আৰু ঊষা -এই চৰিত্ৰ দুটাই দাঙি ধৰিছে। সুজয় কৰ্পৰেট খণ্ডৰ উচ্চ পদবীত চাকৰি কৰি থকা সত্ত্বেও ৰিমঝিমে কৰ্মসংস্থাপনৰ সন্ধান কৰাটো নাৰীৰ আৰ্থিক স্বাধীনতাক প্ৰতিফলিত কৰিছে। ইয়াৰোপৰি নীলেশৰ মাতৃয়ে পাৰিবাৰিক স্বাধীনতা বিচাৰিয়েই নীলেশৰ পিতৃৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। আধুনিক তথা প্ৰগতিশীল সমাজখনতো নাৰীৰ স্বাধীনতা পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত। যাৰ বাবে পৰাধীনতাৰ এই শিকলি ভাঙি মুক্ত বিহংগ হ'বলৈ বিচাৰিছিল ৰিমঝিম, ঊষা তথা নীলেশৰ মাতৃ সঞ্জনাই। নীলেশৰ মাতৃ সঞ্জনাই সেয়েহে নিজৰ স্বামী সুৰেশক কৈছিল, "এই সংসাৰখন মোৰ বাবে দুঃসহ বোজা, জে'লখানাৰ দৰে হৈছে। মই আগেয়েই এই সিদ্ধান্ত ল'ব লাগিছিল, কিন্তু মই ল'ৰা দুটা অলপ ডাঙৰ হোৱালৈ ৰ'লো। ইয়াতকৈ বেছি দেৰি কৰিলে মই মোৰ বিচৰা জীৱনৰ পৰা বঞ্চিত হ'ম। তুমি বৰ ভাল মানুহ, ভাল স্বামী, কিন্তু মই বিচৰা ধৰণৰ পত্নী নহয়..... এইদৰে থাকিলে অভিনয় কৰা হ'ব, কিন্তু শান্তি কেতিয়াও নাহিব।"
সমকামিতাৰ প্ৰসংগটোও উপন্যাসখনত ক্ষুদ্ৰ ৰূপত গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। উপন্যাসখনৰ সূক্ষ্ম চৰিত্ৰ স্বপনে সমাজৰ সমকামী লোকসকলক প্ৰতিনিধিত্ব কৰিছে, যিয়ে প্ৰতিটো মুহূৰ্তত নিজৰ অধিকাৰৰ বাবে, নিজৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰি কৰি ভাগৰি পৰিছে। কেৰিয়াত সুনাম কৰাৰ পিছতো "ঈশ্বৰৰ অভিশাপ"ৰ বাবে স্বপনৰ বাবে জীৱনটো হৈ পৰিছে নৰক সদৃশ।
'নীল প্ৰজাপতি'ত ইতিবাচক জীৱনৰ দিশসমূহ দাঙি ধৰিছে বিটপী আৰু সিদ্ধাৰ্থ দম্পতীহালে। যান্ত্ৰিক সুখ বনাম মানৱীয় সুখৰ যুঁজখনত বিটপী আৰু সিদ্ধাৰ্থই সবল ৰূপত যুঁজ দি জয়ী হৈছে। ৰিমঝিম আৰু বিটপী দুয়ো বায়েক-ভনীয়েক একেলগে ডাঙৰ-দীঘল হোৱা সত্বেও বিবাহৰ পিছত দুয়োৰে জীৱন হৈ পৰিল সম্পূৰ্ণ পৃথক। আধুনিক যান্ত্ৰিক সমাজখনৰ কৰাল গ্ৰাসত ৰিমঝিম অসহায়ভাৱে বন্দী, ইয়াৰ বিপৰীতে আৰ্থিক অনাটনৰ মাজতো অতি সুন্দৰভাৱে সুখৰ সন্ধান কৰি লোৱাৰ ক্ষেত্ৰত বিটপী পাৰ্গত। বিটপী আৰু ৰিমঝিমৰ দৃষ্টিভংগীৰ এই ব্যৱধানৰ মূল কাৰণ হৈছে তেওঁলোকৰ চৌপাশৰ সামাজিক উপাদান আৰু দুয়োৱে সংগী হিচাপে লাভ কৰা সিদ্ধাৰ্থ আৰু সুজয়ৰ মাজত থকা চিন্তাৰ ব্যৱধান। সৃষ্টিশীলতাও যে বিষময় জীৱনৰ বাবে জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে সেয়া হংসৰাজক সাক্ষাৎ কৰাৰ পূৰ্বে ৰিমঝিমে উপলব্ধিয়েই কৰা নাছিল। উপন্যাসখনত হংসৰাজ আৰু ডালিয়া-ৰোহন চৰিত্ৰকেইটাই অৱসাদগ্ৰস্ততাক আঁতৰাই ভিন্নৰঙী চিন্তাৰে জীৱনটোক আগুৱাই লৈ যাবলৈ অনুপ্ৰাণিত কৰিছে। হংসৰাজে সৃষ্টিশীল জীৱনক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে ডালিয়াই মানুহৰ তথাকথিত সামাজিক বিলাসক গুৰুত্ব দিছে। উপন্যাসৰ শেষৰফালে ডালিয়াই আগবঢ়োৱা বক্তব্যৰ পৰা এই কথা অনুমান কৰিব পাৰি- "মানুহৰ জীৱনত কোনো ঘটনা, ঘোষণা দি নঘটে। পৰিস্থিতি আৰু কিছুমান বিশেষ উপাদানে ঘটনা ঘটায়। এই দুৰ্বলতাবোৰ বাছি পেলাব লাগিব। দুৰ্বলতাবোৰ লহপহকৈ বাঢ়ি উঠিব পৰা পৰিৱেশবোৰ ভাঙি দিব লাগিব..... পৃথিৱীত দুটাই সত্য মেম- আপুনিও জানে ময়ো জানো- পেটৰ ভোক, শৰীৰৰ ভোক। তাৰবাদে একো নাই- নাথিং। সেইবাবে আপুনি এই দুটাত আপুনি নজৰ দিয়ক- লাইভ বিন্দাছ...."
সামগ্ৰিকভাৱে ভাষা, বিষয়বস্তু, চৰিত্ৰ ইত্যাদি সকলো দিশৰ পৰা 'নীল প্ৰজাপতি'ক এখন সৰ্বোৎকৃষ্ট উপন্যাস হিচাপে বিবেচনা কৰিব পাৰি। এই উপন্যাসখনৰ যোগেদি ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ বৰ্তমান সময়ৰ সামাজিক জীৱনক প্ৰতিফলিত কৰাত সফল হৈছে। 'নীল প্ৰজাপতি'ৰ দ্বাৰা পাঠকে এখন ভিন্নৰঙী পৃথিৱীত বিচৰণ কৰিবলৈ সুযোগ লাভ কৰিব।
Comments
Post a Comment