মানৱ সভ্যতাৰ ক্ৰম বিৱৰ্তন প্ৰক্ৰিয়াত মানুহৰ জিজ্ঞাসাই সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মানুহৰ মাজত থকা জ্ঞান অৰ্জনৰ তৃষ্ণাৰ বাবেই আদিম যুগৰ পৰা আহি বৰ্তমান মানৱ সমাজে সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিছে। মানুহে এটা সময়ত লাভ কৰা জ্ঞান উত্তৰপুৰুষৰ বাবে সঞ্চয় কৰি ৰাখিবলৈ যুগে-যুগে বিভিন্ন পদ্ধতি অৱলম্বন কৰি আহিছে। প্ৰাচীন কালত শিল, গুহা ইত্যাদিত বিভিন্ন চিহ্ণ লিপিবদ্ধ কৰি মানুহে সংকেত প্ৰদান কৰিবলৈ যত্ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়বোৰত শিল, তাম, সোণ, ৰূপ ইত্যাদি ধাতুৰ ফলি আৰু সাঁচিপাতত বিভিন্ন তথ্য, ঐতিহাসিক সমল লিপিবদ্ধ কৰা হৈছিল। ১০৫ খ্ৰীষ্টাব্দত কাগজ আৱিষ্কাৰ হোৱাৰ পূৰ্বলৈকে এই সামগ্ৰীসমূহেই আছিল মানুহৰ সকলোধৰণৰ জ্ঞান, অভিজ্ঞতা, তথ্য লিপিবদ্ধ কৰি ৰখাৰ প্ৰধান আহিলা। ১৫শ শতিকাত জোহান গুটেনবাৰ্গে মানৱ সভ্যতাৰ যুগান্তকাৰী আৱিষ্কাৰসমূহৰ অন্যতম- ছপাশালৰ উদ্ভাৱন কৰি বিশ্বৰ বৌদ্ধিক ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰে। ছপাশাল আৱিষ্কাৰৰ পিছতে মানুহৰ মাজত ক্ৰমান্বয়ে কিতাপৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰে। কিতাপে মানুহৰ অনুসন্ধিৎসু মনক যেন সঞ্জীৱনী সুধা প্ৰদান কৰিলে। তাম্ৰলিপি, সাঁচিপাতত লিপিবদ্ধ সাহিত্যই ছপাশালৰ আৱিষ্কাৰৰ জৰিয়তে সাৰ্বজনীনতা লাভ কৰিলে আৰু মৌখিক সাহিত্যও ছপা আখৰৰ দ্বাৰা স্থায়িত্ব অৰ্জন কৰিলে। কিতাপে মানুহৰ মাজত বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিলে। এই বিপ্লৱে মানৱ সভ্যতাক সবল ৰূপত আগুৱাই নিলে। এনেদৰে আদিম যুগৰ পৰা বৰ্তমানলৈ এক দীঘলীয়া যাত্ৰাৰ পিছতহে মানুহে কিতাপ পঢ়াৰ সুযোগ লাভ কৰিছে।
কিতাপৰ যোগেদিয়েই মানুহে নিত্য নতুন অন্বেষণৰ দ্বাৰা আধুনিক বিশ্বলৈ জ্ঞান আৰু বিজ্ঞানৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে। জ্ঞান-বিজ্ঞানৰ এই জোৱাৰৰ ফলত হোৱা সমাজ-জীৱনৰ যুগান্তকাৰী পৰিৱৰ্তনসমূহে সকলোকে প্ৰভাৱান্বিত কৰিছে। মুঠৰ ওপৰত মানৱ সভ্যতা বিকাশত অৰিহণা যোগোৱা সবাতোকৈ শ্ৰেষ্ঠ আহিলা হিচাপে গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা অপৰিসীম। অধ্যয়নশীল মানুহ এজন আন এশজন অধ্যয়ন নকৰা মানুহৰ তুলনাত সদায় শ্ৰেষ্ঠ। জ্ঞান-বিজ্ঞান, দৰ্শন, সাহিত্য, বুৰঞ্জী ইত্যাদি বিবিধ বিষয়ৰ কিতাপ পঢ়া মানুহ এজনৰ বাবে সমাজখন আৰু সমাজখনৰ বিবিধ সমস্যাবোৰ পৰ্যবেক্ষণ কৰা পদ্ধতিও সুকীয়া। অধ্যয়নে মানুহৰ চিন্তাশক্তিক পুষ্টি প্ৰদান কৰাৰ লগতে মানুহক উচ্চ চিন্তাৰ অধিকাৰী কৰি তোলে। ভাষাজ্ঞান শক্তিশালী কৰাৰ ক্ষেত্ৰতো অধ্যয়নৰ ভূমিকা গুৰুত্বপূৰ্ণ। সামগ্ৰিকভাৱে, অধ্যয়নৰ উপকাৰিতা বিস্তৃত সমুদ্ৰৰ দৰেই দিগন্তহীন বুলি ক’ব পাৰি। লেখক Jim Rohnয়ে কোৱাৰ দৰে- "Reading is essential for those who seek to rise above the ordinary." গ্ৰন্থ অধ্যয়নে মানুহ এজনক সকলো দিশৰ পৰা এজন উৎকৃষ্ট ব্যক্তি হিচাপে গঢ়ি তোলে। সেইবাবে শিশু অৱস্থাৰ পৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা অত্যন্ত আৱশ্যক। কিয়নো যিদৰে খেল-ধেমালিৰ জৰিয়তে শিশুৰ শাৰীৰিক বিকাশ সাধন হয়, ঠিক সেইদৰে কিতাপ পঢ়াৰ অভ্যাস শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে অত্যাৱশ্যকীয়। সেয়েহে শিশুক কেৱল পাঠ্যপুথিৰ জ্ঞানৰ মাজত আবদ্ধ নাৰাখি বাহিৰা কিতাপৰ ব্যাপক জগতখনৰ সৈতে পৰিচয় কৰাত অভিভাৱকে গুৰুত্ব দিব লাগে। শিশুৰ বাবে প্ৰকাশ হোৱা আলোচনীসমূহেও শিশুৰ মনঃস্তাত্বিক দিশটো বিকাশৰ বাবে অৰিহণা যোগাই আহিছে। নৈতিক শিক্ষা প্ৰদান আৰু বিজ্ঞান মানসিকতা গঢ় দিয়াত এই আলোচনীসমূহৰ গুৰুত্ব অনস্বীকাৰ্য।
সাম্প্ৰতিক সময়ত ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ বৰ্ধিত ব্যৱহাৰে মানুহৰ কিতাপ পঢ়াৰ অভ্যাসক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে। আঙুলিৰ এটা স্পৰ্শৰ জৰিয়তে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো তথ্য অতি কম সময়ৰ ভিতৰত মানুহে নিজৰ স্মাৰ্টফোনতে লাভ কৰিবলৈ সক্ষম হৈছে। দৃশ্যশ্ৰাব্য মাধ্যমৰ দ্ৰুত বিকাশেও কিতাপৰ জগতখনলৈ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ইণ্টাৰনেটৰ সহজলভ্য ব্যৱহাৰৰ বাবে বৰ্তমান সময়ত বিষয় এটা পঢ়াৰ সলনি মানুহে দৃশ্যশ্ৰাব্য মাধ্যমত বুজি ল'বলৈ অধিক সুবিধাজনক বুলি ভাবে। যাৰ বাবে কিতাপৰ প্ৰতি আকৰ্ষণ হ্ৰাস হৈছে। প্ৰযুক্তিয়ে অনলাইন মাধ্যমৰ জৰিয়তে কিতাপ পঢ়াৰ সুবিধাও আগবঢ়াইছে। Kindleৰ সহায়ত অসংখ্য কিতাপ ডাউনলোড কৰি স্ক্ৰীনত পঢ়াৰ সুবিধা পোৱা যায়। ছপা কিতাপৰ বিকল্প হিচাপে Kindle-এ বৰ্তমান সময়ত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰতিজন পঢ়ুৱৈয়ে ভালদৰে উপলব্ধি কৰিব পাৰে যে, কিতাপ পঢ়াৰ প্ৰকৃত মাদকতা ছপা আখৰতেই পোৱা যায়। কোনোধৰণৰ অত্যাধুনিক মাধ্যমে এই মাদকতা প্ৰদান কৰিব নোৱাৰে। ইয়াৰোপৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি থাকিলে স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক। প্ৰযুক্তিয়ে মানুহৰ দৈনন্দিন জীৱনশৈলী উন্নত কৰাৰ সমান্তৰালভাৱে ছপা কিতাপৰ বিকল্প উপলব্ধ কৰিলেও কিতাপ পঢ়াৰ অভ্যাসক এক সংহত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। কিয়নো ইণ্টাৰনেটৰ পৃথিৱীখনে মানুহক ক্ষন্তেকৰ ভিতৰতে 'ফলাফল' প্ৰদান কৰি ক্ৰমাৎ ধৈৰ্যহীন কৰি তুলিছে। ধৈৰ্যৰ অবিহনে কিতাপ পঢ়াটো সম্ভৱ নহয়। ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ বহুল প্ৰচলনৰ পূৰ্বে শিশুসকলে আজৰি সময়ত শিশু আলোচনী অথবা সাধু পুথি একোখন উলিয়াই সময় অতিবাহিত কৰিছিল। এই অভ্যাসৰ যোগেদি স্বতঃস্ফূৰ্তভাৱেই তেওঁলোকৰ মনঃস্তাত্বিক দিশৰ ইতিবাচক বিকাশ হৈছিল। কিন্তু বৰ্তমান অধিকাংশ শিশুৱে মোবাইল ব্যৱহাৰ কৰিয়েই সময় অতিবাহিত কৰে। প্ৰযুক্তিৰ এই ক্ৰমবৰ্ধমান আগ্ৰাসনে ছপা কিতাপৰ প্ৰতি এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াই অনাটো নুই কৰিব নোৱাৰি। সেয়েহে সচেতন পঢ়ুৱৈসকলে এই বিষয়ত চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
কিতাপ হৈছে আমাৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু। বিপদৰ সময়ত নানা প্ৰকাৰে কিতাপেই আমাক সহায় কৰে। ইয়াৰোপৰি নিঃসংগ জীৱনত ই একপ্ৰকাৰৰ মহৌষধৰ দৰে কাম কৰে। বিশিষ্ট লেখক আৰ্ণষ্ট হেমিংৱে কোৱাৰ দৰে- "কিতাপৰ দৰে বিশ্বাসী বন্ধু আন কোনো নাই।" সেয়েহে প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ এই সময়ছোৱাত নৱপ্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা উচিত। নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ মানসিকতা গঢ়ি তুলিব নোৱাৰিলে স্বদেশ আৰু স্বজাতিৰ দুৰ্ঘোৰ ক্ষতি হ'ব, কিয়নো অধ্যয়নৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে যি ক্ষেত্ৰতে নিয়োগ হৈ নাথাকক কিয়, তেওঁ সদায় সুদক্ষভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব- "Today a reader, Tomorrow a leader"।
ধৰাৰ বুকুলৈ শীত নামি অহাৰ লগে লগে অসমৰ চৌদিশ গ্ৰন্থৰ সুবাসেৰে আমোল-মোলাই পৰে। এই সময়ছোৱাত বিভিন্ন সংস্থা-সংগঠনসমূহে আয়োজন কৰা গ্ৰন্থমেলাসমূহে সমাজত এক বৌদ্ধিক বাতাবৰণ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গ্ৰন্থ অধ্যয়নৰ প্ৰসাৰৰ ক্ষেত্ৰতো গ্ৰন্থমেলাৰ সবল ভূমিকা আছে। এই সুযোগতে লেখক, প্ৰকাশক, পঢ়ুৱৈয়ে সন্মিলিতভাৱে অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। যাৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত অধ্যয়ন বিপ্লৱ বা কিতাপ পঢ়াৰ আন্দোলন গঢ়ি উঠিব পাৰে।
গ্ৰন্থৰ যোগেদিয়েই মানৱ সভ্যতাৰ উত্তৰণ সম্ভৱ। অধ্যয়নে সমাজ সুস্থিৰ কৰাৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিগত জীৱনতো সফলতা অৰ্জন কৰিবলৈ অধ্যয়ন অপৰিহাৰ্য। সেয়েহে আমি সকলোৱে মিলি অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। প্ৰসিদ্ধ লেখক ৰাস্কিন বণ্ডে অধ্যয়নৰ গুৰুত্বৰ কথা উল্লেখ কৰি কৈছে, "Book readers are special people, and they will always turn to books as the ultimate pleasure. Those who do not read are the unfortunate ones.....A great book is a friend that never lets you down. You can return to it again and again and the joy first derived from it will still be there.”
Comments
Post a Comment