যেতিয়া গান্ধাৰীয়ে কৃষ্ণ অহাৰ উমান পালে, তেওঁ অত্যন্ত ক্ৰোধিত হ'ল আৰু খঙেৰে ক'লে- "মোৰ আটাইবোৰ পুত্ৰৰ মৃত্যুৰ কাৰণ একমাত্ৰ তুমি। এই বিধ্বংসী মহাযুদ্ধ ৰোধ কৰিবলৈ তুমি সম্পূৰ্ণ সক্ষম আছিলা, কিন্তু তুমি তেনে নকৰিলা, তাৰ ফলস্বৰূপে কুৰুবংশ প্ৰায় শেষ হৈ গ'ল। গতিকে হে কৃষ্ণ, মই তোমাক অভিশাপ দিছোঁ এটা সামান্য পশুৰ দৰে তোমাৰ মৃত্যু হ'ব আৰু ইজনে-সিজনৰ সৈতে যুঁজ কৰিয়েই তোমাৰ সম্পূৰ্ণ যদুবংশ শেষ হৈ যাব।"
কৃষ্ণই সৌম্য হাঁহি এটা মাৰি গান্ধাৰীক ক'লে, "পেহীদেউ, আপুনি মোক এক গধুৰ বোজাৰ পৰা সকাহ দিলে। যদুবংশ ধ্বংস কৰিব পৰা শক্তি এই জগতত স্বয়ং যদুবংশৰ বাদে আন কাৰো নাই। ভৱিষ্যতে এই বংশৰ লোকসকল অতিপাত পাপী আৰু লোভী হৈ পৰিব। গতিকে তেওঁলোকে নিজৰ মাজতে কাটি-মাৰি মৰিব বুলি আপুনি অভিশাপ দি মোৰ এক বৃহৎ চিন্তা দূৰ কৰিলে। আনহাতে, মোৰ মৃত্যু সন্দৰ্ভত দিয়া অভিশাপ আপোনাৰ পৰা লাভ কৰা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলোঁ। কৃষ্ণৰ কথা শুনি গান্ধাৰী শান্ত হ'ল যদিও পুত্ৰ বিয়োগৰ বিৰহে তেতিয়াও তেওঁৰ হৃদয় দগ্ধ কৰিছিল।
লাহেকৈ গান্ধাৰীৰ অভিশাপ ফলৱৰ্তী হ'বলৈ ধৰিলে। এবাৰ তিনি মহান ঋষি ক্ৰমে বিশ্বমিত্ৰ, কন্ব আৰু নাৰদ দ্বাৰকা ভ্ৰমণৰ উদ্দেশ্যে আহিল। সেই সময়তে যদু কুলৰ এদল কিশোৰে ধেমালি কৰাৰ ছলেৰে এজন ল'ৰাক নাৰীৰ ৱেশ ধৰি পেটৰ মাজত গদা এটা লুকুৱাই ৰাখিছিল। তিনি ঋষিক দেখি যুৱকৰ দলটোৱে আগবাঢ়ি গৈ সুধিলে, "এই মহিলাগৰাকীৰ শীঘ্ৰেই এটি সন্তান জন্ম হ'ব, সন্তানটি ল'ৰা নে ছোৱালী হ'ব- অনুৰোধ কৰি আমাক জনাওঁক।"
ঋষি তিনিওজনে অনতিপলমে যুৱক তিনিজনৰ অসৎ ছল বুজি পালে আৰু তিনিওজন চৰম অপমানবোধ কৰিলে। পৰিণতিস্বৰূপে তেওঁলোকে অভিশাপ দিলে, "নাৰীৰ বেশ ধৰি ল'ৰাটোৱে যিটো বস্তু লুকুৱাই ৰাখিছে, সেই বস্তুটোৱেই এই বংশ ধ্বংস হোৱাৰ মূল কাৰণ হ'ব।" বলৰামে এই বিষয়ে জ্ঞাত হৈ সেই গদাটো পুৰি ছাঁই কৰি সমুদ্ৰলৈ ছটিয়াই দিলে।
কিছু বছৰৰ পিছত এদিন যাদৱকুলৰ প্ৰজাসকলে বনভোজৰ উদ্দেশ্যে নৈৰ তীৰলৈ গৈছিল। বনভোজৰ মাজতে তেওঁলোকৰ মাজত যুঁজ আৰম্ভ হয়। সমুদ্ৰ তীৰত গজা শৈলুৱৈসদৃশ ডাঠ বনেৰে তেওঁলোকে ইজনে-সিজনক প্ৰহাৰ কৰিবলৈ ধৰে। এই শেলুৱৈখিনি বলৰামে ছটিয়াই দিয়া গদাটোৰ ছাঁইৰ পৰা উৎপন্ন হৈছিল। যাৰ ফলত তেওঁলোকৰ মাজৰ যুঁজে যদুকুলক বিনাশৰ পথলৈ ঠেলি দিয়ে।
যদুকুলৰ নিদাৰুণ পতন দেখি বলৰাম শোকত ম্ৰিয়মান হ'ল আৰু তেওঁ নিজৰ শৰীৰ ত্যাগ কৰিবলৈ সাগৰৰ পাৰত উপস্থিত হ'ল। কোৱা হয় যে, তেওঁৰ শৰীৰটো অনন্ত সৰ্পলৈ পৰিৱৰ্তিত হ'ল আৰু সাগৰৰ বুকুত সোমাই গ'ল। বলৰামক ভগৱান বিষ্ণুৰ বিশ্বস্ত অনুগামী অনন্ত শেষৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।
যদুবংশৰ প্ৰজা তথা অন্য সম্বন্ধীয়সকলৰ বিয়োগৰ পিছত কৃষ্ণ অৰণ্যলৈ গৈ গছ এজোপাৰ ডালত বহি বহি আছিল। সেই মুহূৰ্ততে জৰা নামৰ এটা চিকাৰীয়ে অৰণ্যৰ মাজৰ পৰা তেওঁৰ উপস্থিতি এটা পহু বুলি অনুমান কৰি এপাত শৰ নিক্ষেপ কৰিলে। সেই শৰ গৈ কৃষ্ণৰ ভৰিত লাগিল। জৰা নামৰ চিকাৰীটোৱে বলৰামে সাগৰৰ বুকুলৈ নিক্ষেপ কৰা অভিশপ্ত গদাটোৰ ছাঁইৰ পৰা সেই শৰ প্ৰস্তুত কৰিছিল। এনেদৰে গান্ধাৰীৰ অভিশাপ সত্য হৈছিল আৰু কৃষ্ণই পৃথিৱীত লীলা সমাপ্ত কৰি তেওঁৰ নিবাস স্থান বৈকুণ্ঠলৈ গতি কৰিছিল। কৃষ্ণৰ বৈকুণ্ঠ গমনৰ লগে লগে সমগ্ৰ দ্বাৰকা ৰাজ্য সমুদ্ৰই গ্ৰাস কৰিলে।
(Maple Publicationৰ দ্বাৰা প্ৰকাশিত Timeless Series- Mahabharataত অন্তৰ্ভুক্ত 'Gandhari Curses Krishna' শীৰ্ষক অধ্যায়টিৰ অসমীয়া অনুবাদ)

.jpeg)

Comments
Post a Comment