সামাজিক মূল্যবোধৰ অৱক্ষয়


      শেহতীয়াকৈ ৰাজ্যত সংঘটিত কেতবোৰ ঘটনাই প্ৰতিজন সচেতন লোকক জোঁকাৰি গৈছে। প্ৰতিষ্ঠিত চিকিৎসক দম্পত্তীৰ দ্বাৰা অবৈধভাৱে তুলি লোৱা সন্তানক কৰা নিৰ্যাতন, এগৰাকী কলেজীয়া ছাত্ৰীয়ে বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে কৰা কু-কৰ্মৰ ভিডিঅ' প্ৰস্তুত আৰু এগৰাকী ১২ বছৰীয়া কণমানিক এটা পঞ্চাশ বছৰীয়া নৰপিশাচে যৌন নিৰ্যাতন চলাই হত্যা কৰা ঘটনাই বিগত দিনবোৰত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি ৰাখিছে। উপৰোক্ত প্ৰতিটো ঘটনাই সামাজিক মূল্যবোধৰ চূড়ান্ত অৱক্ষয়ৰ ৰূপটো স্পষ্টকৈ প্ৰতিফলিত কৰিছে। ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীয়ে যাতে কঠোৰ শাস্তি লাভ কৰক তাৰ বাবে সকলোৱে সজোৰে দাবী কৰিছে। উপৰোক্ত তিনিটা ঘটনাৰ দুটাই ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ মহলত জোকাৰণিৰ সৃষ্টি কৰিছে আৰু অতি ক্ষিপ্ৰতাৰে তদন্ত চলাই দোষীক শাস্তি প্ৰদান কৰা হ'ব বুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে ঘটনাকেইটাৰ লগত জড়িত দোষীসকলে কেনেধৰণৰ শাস্তি পায়- সেয়া সময়েহে ক'ব আৰু এই লেখাত আমি সেই সম্পৰ্কে কোনোধৰণৰ আলোচনাও কৰিব বিচৰা নাই। আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল- উপৰোক্ত নৃশংস ঘটনাৰ আঁৰত থকা সামাজিক কাৰকসমূহ পৰ্যবেক্ষণ কৰিবলৈ যত্ন কৰা। 
    প্ৰতিষ্ঠিত চিকিৎসক দম্পত্তীৰ দ্বাৰা চাৰি বছৰীয়া কণমানি শিশু এটিক শাৰীৰিক-মানসিক নিৰ্যাতন কৰাৰ যি ঘটনা পোহৰলৈ আহিছে, ইয়াৰ জৰিয়তে আমাৰ সমাজৰ একাংশ উচ্চ শিক্ষিত ব্যক্তিৰ বৰ্বৰ আৰু সংকীৰ্ণ চৰিত্ৰটো সকলোৰে আগত বহিঃপ্ৰকাশ ঘটিল। কথা আৰু কামৰ মাজত থকা বৃহৎ ব্যৱধান এই ঘটনাই দেখুৱাই দিলে। উচ্চ শিক্ষা গ্ৰহণ কৰি আৰু উচ্চ পদবীৰ এটা চাকৰি লাভ কৰিলেই যে ব্যক্তি এজন প্ৰকৃতাৰ্থত 'মানুহ' হৈ নপৰে- সেয়া পুনৰ চিকিৎসক দম্পত্তিয়ে দাঙি ধৰিলে। চিকিৎসক দম্পত্তিৰ এগৰাকীয়ে টেলিভিছন আৰু সামাজিক মাধ্যমৰ জৰিয়তে সমাজৰ মানসিক সমস্যাৰ ক্ষেত্ৰত বৰ-বৰ কথা উপদেশ দি বিশেষ খ্যাতি অৰ্জন কৰিছিল। কিন্তু নিজৰ উপদেশ যেন নিজেই অনুকৰণ কৰিবলৈ পাহৰি গ'ল চিকিৎসকগৰাকীয়ে। শিশু নিৰ্যাতনৰ ঘটনাই এতিয়া দুয়োগৰাকী চিকিৎসকৰ মানসিক স্থিতিত এক বৃহৎ প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰিছে। সুস্থ সমাজৰ বাবে এনে লোক অত্যন্ত ক্ষতিকাৰক বুলি অভিহিত কৰিব পাৰি। কিয়নো এই মুখা পিন্ধা মানুহবোৰেই সমাজখনক বিপথে পৰিচালিত কৰি আহিছে। 
    আনহাতে কলেজীয়া ছাত্ৰীগৰাকীয়ে যি ঘৃণানীয় কাণ্ড সংঘটিত কৰিছে, সেয়া বিচাৰ্য বিষয় যদিও ছাত্ৰীগৰাকীয়ে লাভ কৰা আনুষ্ঠানিক তথা নৈতিক শিক্ষা, সমাজখনৰ পৰিৱেশ, পৰিয়ালৰ প্ৰভাৱ, বন্ধু-বান্ধৱৰ সংগৰ প্ৰভাৱ ইত্যাদি কাৰক জড়িত হোৱা দেখা গৈছে। এই কাৰকবোৰৰ বাবেই তাইৰ এনে অপৰাধপ্ৰৱণ মানসিকতা গঢ় লৈ উঠিছে বুলি ক'ব পাৰি। ইয়াৰ লগতে বৰ্তমানৰ বস্তুবাদী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক নৈতিক তথা মূল্যবোধৰ শিক্ষা প্ৰদান কৰাত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে- সেয়াও এই ঘটনাৰ যোগেদি প্ৰকাশ পাইছে। তৃতীয়টো ঘটনা অতি নিকৃষ্ট পৰ্যায়ৰ। এগৰাকী পঞ্চাছ বয়সোৰ্ধৰ ব্যক্তিয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীক নিজৰ কামনাৰ বলি কৰি নৃশংসভাৱে হত্যা কৰাটো মানুহৰ বাবে সম্ভৱ বুলি একেবাৰেই ক'ব নোৱাৰি। মানৱ ৰূপী দানৱে সংঘটিত কৰা এই ঘটনাই আমাৰেই সমাজৰ একাংশ লোকৰ চূড়ান্ত পাশৱিক মানসিকতাৰ পৰিচয় দাঙি ধৰিলে। এনে লোকক আইনে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে ঘটনাৰ পুনৰাবৃত্তি হোৱাটো স্বাভাৱিক।
    সামগ্ৰিকভাৱে উপৰোক্ত প্ৰতিটো ঘটনাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ দুখজনক ছবিখন প্ৰতিফলিত কৰিছে। এই শ্ৰেণীৰ লোকসকলৰ বাবেই সুস্থ সামাজিক বাতাৱৰণ বিনষ্ট হৈ আহিছে আৰু ফলস্বৰূপে সমাজ তথা জাতিৰ উন্নয়নত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে। সেয়েহে সমাজত সুস্থ কল্যাণমুখী পৰিৱেশ বৰ্তাই ৰখাৰ স্বাৰ্থত বৰ্বৰ মানসিকতা নিঃশেষ কৰাত বৌদ্ধিক মহলে চিন্তা কৰাৰ প্ৰয়োজন। সমাজৰ প্ৰকৃত সচেতন লোকসকলে প্ৰকৃতাৰ্থত সমাজখনক অসাধু চক্ৰৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব লাগে।
    
    

Comments