-Tom Stoppard
শৈশৱ কাল- জীৱনৰ মধুৰতম সময়। শৈশৱৰ সময়ছোৱাত হোৱা শাৰীৰিক-মানসিক বিকাশে ব্যক্তি এজনৰ সমগ্ৰ জীৱনকালত প্ৰভাৱ পেলায়। শৈশৱৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰিলে বৃদ্ধ অৱস্থাতো মানুহৰ মন সজীৱ হৈ উঠে। নানা চিন্তাৰে যেতিয়া জীৱনৰ পথছোৱা কঠিন হৈ পৰে, তেতিয়া পুৰণি স্মৃতিবোৰে মনত দোলা দি থাকে। এনে ভাৱৰ সৃষ্টি হয় যদি আকৌ সেই মধুৰ দিনবোৰ উভতাই পোৱা হ'লে! শৈশৱৰ দিনবোৰ বহুতৰ বাবে মধুৰ, বহুতৰ বাবে আকৌ বিষাদৰ স্মৃতি। যিসময়ত একাংশ শিশুৰ বাবে শৈশৱ কালছোৱা হৈ পৰে পখিলা খেদি ফুৰাৰ সময়, আন একাংশৰ বাবে হৈ পৰে জীৱন-জীৱিকাৰ পাঠ গ্ৰহণৰ আৰম্ভণি। মেক্সিম গৰ্কীৰ শৈশৱৰ হতাশগ্ৰস্ত ছবিখনে তাকেই সূচায়- শৈশৱ কালছোৱাও সকলোৰে বাবে একে নহয়। তথাপি শৈশৱৰ স্মৃতিবোৰ জীৱনৰ বাবে প্ৰেৰণা। কিয়নো জীৱনটোক গঢ় দিওঁতে এই সময়ৰ ভূমিকা অদ্বিতীয়।
কৈশোৰৰ ভৰপক সময়ত আজি আকৌ উভতি যাবলৈ মন গৈছে শৈশৱৰ সেই মধুৰ দিনবোৰলৈ। যিবোৰ দিনত আপোন পহৰা হৈ নিজৰ শিশু মনৰ জগতখনত বিচৰণ কৰি ফুৰিছিলোঁ। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ তেতিয়া চিন্তা নাছিল। চিন্তা নাছিল পৰিয়ালটো-সমাজখন-দেশখনে নিতৌ সন্মুখীন হৈ থকা সমস্যাবোৰক লৈ। কেৱল চিন্তা আছিল খেল-ধেমালি কৰি সময় অতিবাহিত কৰিবলৈ সুযোগ পোৱাৰ। 'মৌচাক', 'সঁফুৰা', 'বুঢ়ী আইৰ সাধু', 'ঈছপৰ সাধু'ৰ পৃষ্ঠাবোৰ পঢ়ি আমাৰ শৈশৱৰ দিনবোৰ অতিবাহিত কৰিছিলোঁ। যিবোৰে হয়তো মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বৰঙণি যোগাইছিল ক'ব নোৱাৰাকৈ। 'আইতা ঘৰ'ৰ পদূলিত বকুলৰ তলত বহি শৈশৱৰ মুহূৰ্তবোৰ পাৰ কৰোঁতে ভাঁহি আহিছিল কেঁচা চাহপাতৰ ফিৰফিৰিয়া গোন্ধ। বাগান এলেকাৰ শ্ৰমিকৰ হাড় ভগা শ্ৰমবোৰ দেখিয়েই শৈশৱৰ দিনবোৰ পাৰ হৈছিল। তেওঁলোকৰ কষ্ট দেখি কেতিয়াবা দুখো লাগিছিল। সাধাৰণতে বাগান এখনৰ পৰিৱেশটো সকলো দিশৰ পৰা পিছপৰা এখন এলেকা হিচাপে গণ্য কৰা হয়। যিটো সৰুৰে পৰা মই প্ৰত্যক্ষ কৰিছোঁ। ককাদেউতাৰ সময়ৰ পৰাই ব্যৱসায়িক কাৰণত আমাৰ পৰিয়ালটো বাগানৰ নিগাজী বাসিন্দা হৈ পৰিছিল। কেতিয়াবা আইতাৰ সৈতে বাগানৰ ফিল্ডখনত বহা পষেকীয়া শনিবাৰীয়া বজাৰলৈও গৈছিলোঁ। বজাৰলৈ গ'লে নিজৰ পাৰিশ্ৰমিকেৰে সপ্তাহটোৰ বাবে ৰেচন ক্ৰয় কৰি থকা শ্ৰমিকসকলে আইতাক দেখিলেই শ্ৰদ্ধাৰে মাত লগাইছিল আৰু মোক দেউতাৰ নাম লৈ 'অমুকৰ ল'ৰা' বুলি মৰম কৰিছিল। তেওঁলোকৰ ব্যৱহাৰত এক অনন্য সৰলতা বিচাৰি পাইছিলোঁ। পষেকীয়া বজাৰৰ পৰা ঘৰৰ প্ৰতিজন সদস্যৰ বাবে আইতাই চানা কিনি আনিছিল। মই পিছে তীব্ৰ জ্বলাৰ বাবে এই চানা ভাল পোৱা নাছিলোঁ। পূৰ্বে যিগৰাকী আইতাৰ ঘৰৰ বকুল গছৰ তলত খেল-ধেমালি কৰি সময় পাৰ কৰিছিলোঁ বুলি উল্লেখ কৰিছোঁ, সেই গৰাকী প্ৰকৃততে আমাৰ পৰিয়ালৰ আইতা নহয় বৰঞ্চ আমাৰ পৰিয়ালটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক তেজ-মঙহতকৈও উৰ্ধত। চুবুৰিৰ এই ককা-আইতাৰ ঘৰতে মোৰ শৈশৱৰ সিংহভাগ সময় পাৰ হৈছিল আৰু এই সময়খিনিয়ে মোৰ ব্যক্তিত্ব বিকাশত এক বিশেষ ভূমিকা লৈছিল- যিটো আজি মৰ্মে মৰ্মে উপলব্ধি কৰি আৱেগিক হৈছোঁ। বিদ্যালয়ত নামভৰ্তি কৰাৰ আগৰ সময়ছোৱাত দিনটোৰ বেছিভাগ সময় (কেতিয়াবা ৰাতিও) আইতা ঘৰতে পাৰ হৈছিল। ককা-আইতা, ভনীপেহী, পেহী আইতা (বাবু), দাই দুজনৰ মৰমে শৈশৱৰ 'মোক' এক নতুন পৰিচয় দিছিল, এই পৰিচয় আছিল 'প্ৰশান্ত গগৈ'ৰ। ২০০৫ চনত ককাৰ মৃত্যু হৈছিল, যিসময়ত মই আছিলোঁ ৩ বছৰীয়া। ৩ বছৰীয়া ল'ৰাজনে তেতিয়া প্ৰথমবাৰৰ অনুভৱ কৰিছিলোঁ আপোন মানুহ এজন চিৰদিনৰ বাবে হেৰুওৱাৰ দুখ। ভনীপেহী এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল (বৰ্তমানো কৰ্মৰত)। তেওঁ প্ৰায়ে মোক স্কুললৈ লৈ গৈছিল। স্কুলত বহি ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুওঁৱা দেখিছিলোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগে মোক পেহীৰ ল'ৰা বুলি ভাবিছিল। অৱশ্যে পেহীয়েও মোক মাৰ দৰে মৰম কৰিছিল। স্কুললৈ যোগান ধৰা বিনামূলীয়া পুথিবোৰৰ যিবোৰ কিতাপ অতিৰিক্তভাৱে আহিছিল সেই কিতাপবোৰ মই ঘৰলৈ লৈ আনিছিলোঁ আৰু ঘৰত সেইবোৰ অনুশীলন কৰি আনন্দ পাইছিলোঁ।
২০০৬ চনৰ ডিচেম্বৰ, স্কুলৰ নামভৰ্তিৰ সাক্ষাৎকাৰৰ বাবে খুৰাৰ লগত গৈছিলোঁ। সাক্ষাৎকাৰ লৈছিল দুগৰাকী বাইদেৱে- তাৰে এগৰাকী অনুজিতা বাইদেউ আৰু আনগৰাকীক এই মুহূৰ্তত পাহৰিছোঁ। বাইদেউ দুগৰাকীৰ মাজত এখন সৰু চকী পাৰি থোৱা আছিল। সেইখন চকীতে বহি সাক্ষাৎকাৰ দিছিলোঁ। প্ৰথমে মোৰ নাম সুধিছিল। মই নমস্কাৰ জনাই নাম কৈছিলোঁ। তাৰ পিছত এটা-এটাকৈ বিভিন্ন প্ৰশ্ন সুধিছিল, মই উত্তৰ দি গৈছিলো। কিন্তু এটা কথা মন কৰিলোঁ, শেষলৈকে মোৰ হাতত দুখন নমস্কাৰ কৰি থোৱাই আছিল। বাইদেউ দুগৰাকীয়েও এই বিষয়ে কথা পতা শুনিলোঁ। তেনেকৈয়ে সাক্ষাৎকাৰ শেষ হ'ল আৰু যথা সময়ত সৌমাৰজ্যোতি বিদ্যালয়ৰ নাৰ্চাৰী শ্ৰেণীত মোৰ নামভৰ্তি হৈছিল। ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা স্কুল যাবলৈ আৰম্ভ কৰিছিলোঁ। স্কুলৰ প্ৰথম দিনা দেউতাৰ লগত চাইকেলত গৈছিলোঁ। খুৰাই ধেমালিতে কৈছিল, "দেউতাক স্কুলৰ ৰাস্তাটো দেখুৱাই দিবি!" কিন্তু মই প্ৰথম স্কুল যোৱাৰ উৎকণ্ঠাত ৰাস্তা দেখুৱাবলৈ পাহৰিয়েই গ'লো কিন্তু দেউতাই সঠিক সময়ত স্কুল পোৱালেগৈ। পিছত গম পালো খুৰাই ধেমালিহে কৰিছিল। স্কুলৰ প্ৰথম দিনা নাৰ্চাৰীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত কান্দোনৰ ৰোল। বিদ্যালয়ৰ সকলো বাইদেউ ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিয়াত ব্যস্ত। সেইদিনা কোনোধৰণৰ পাঠদান হোৱা নাছিল। ৰেজিষ্টাৰ কৰি বাইদেৱে আমাক কিছু ভাল লগা কথা কৈছিল। তাৰ পিছত ঘণ্টা পৰাত আমাক শাৰী পাতি যাবলৈ দিয়া হৈছিল। শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই স্কুলৰ চৌহদত দেউতাক দেখি মনটো ভাল লাগিছিল। দেউতাৰ হাতত মোৰ বাবে কিনি থোৱা পেকেট কেইটামান দেখিছিলোঁ। ওচৰ পাই দেউতাই কৈছিল, "কন্দা-কটা নকৰিলে সদায় এনেকৈ তোলৈ কিবা-কিবি বস্তু কিনি থ'ম।" মই "হ'ব" বুলি কৈছিলোঁ আৰু আমি ঘৰ পাইছিলোঁ। এনেদৰেই স্কুলৰ প্ৰথম দিনটো পাৰ হৈছিল। আৰম্ভ হৈছিল শৈশৱৰ এক নতুন অধ্যায়। স্কুলত নামভৰ্তি কৰাৰ পিছত আইতা ঘৰলৈ যোৱাটো কমি আহিছিল যদিও একেবাৰে নোযোৱাকৈ থকা নাছিলোঁ। এয়াই আছিল মোৰ শৈশৱৰ প্ৰথমছোৱাৰ মধুৰ স্মৃতিবোৰ।
বকুলৰ তলত বহি শৈশৱৰ মধুৰ দিনবোৰ অতিবাহিত কৰাৰ মধুৰ স্মৃতিবোৰে আজিও আজি একৈশৰ বাটত খোজ দি থকাৰ সময়ত বাৰুকৈয়ে মনত পৰে। মনত পৰে সেই সময়ৰ ইণ্টাৰনেট আৰু স্মাৰ্টফোনবিহীন দৈনন্দিন জীৱনৰ ব্যস্ততাৰ কথা। একৈশ শতিকাত জন্ম পায়ো আমাৰ প্ৰজন্মটোৰ শৈশৱৰ মূল্যৱান সময়বোৰ স্মাৰ্টফোন আৰু ইণ্টাৰনেট নোহোৱাকৈ মধুৰ ৰূপত অতিবাহিত কৰিলে, যিটো বৰ্তমানৰ শিশুসকলৰ বাবে কল্পনাতীত!
সংযোজন- যোৱা ২৩ ছেপ্টেম্বৰ তাৰিখে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা মৰমৰ ভনীপেহীয়ে ইহলীলা সম্বৰণ কৰে। লেখাটোত উল্লেখ কৰা ধৰণে মোৰ শৈশৱত তেখেতৰ অপৰিসীম প্ৰভাৱ আছিল। তেখেতৰ মাতৃসুলভ মৰম কেতিয়াও পাহৰিব নোৱাৰিম। শেষত, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ।
ReplyDelete