প্ৰহসন
✍️- প্ৰশান্ত বাৰ্মা
"আকৌ...!"
-বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাখন চকু ফুৰাইয়েই প্ৰমাৰ্থ চিঞৰি উঠিল। কলেজ চাৰিআলিৰ চাহ দোকানৰ কাষতে থকা কিতাপৰ বিপণীখনত সি দৈনিক পেপাৰখন চাই আছিল। কাষৰ চাহৰ দোকানত তাৰ বন্ধু শেখৰ আৰু ৰক্তিমে বেঞ্চত বহি চাহ খাই আছিল।
"কি হ'ল?"- প্ৰমাৰ্থৰ চিঞৰ শুনি ৰক্তিমে বহাৰ পৰাই ক'লে।
"নিবনুৱা সমস্যা"- বাতৰিকাকতৰ পৰা চকু আঁতৰাই প্ৰমাৰ্থই সহজ উত্তৰ দিলে।
"তাতে চিঞৰিব লগা কি আছে?"- শেখৰে ক'লে।
শেখৰৰ বাবে এই সমস্যাবোৰ নিত্য-নৈমত্তিক ঘটনা। যিদৰে কোনোকালে সূৰ্য পশ্চিমত উদয় নহয়, তেনেদৰে কোনোকালে এই সমস্যাবোৰ সমাধান নহয়। শেখৰৰ মতে এইবোৰত মূৰ ঘমাই লাভ নাই। ডিগ্ৰী কেইটামান সংগ্ৰহ কৰি চৰকাৰী ওপৰৱালাৰ দুৱাৰে দুৱাৰে কৰ্ম সংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰাতকৈ কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল মাৰ্কেটিং, মিউচুৱেল ফাণ্ড আদিৰ সহায়ত ধন আহৰণ কৰাত সি বেছি আগ্ৰহী।
ৰক্তিমৰ চিন্তাধাৰাও শেখৰৰ সৈতে একেই যদিও সি উচ্চশিক্ষাৰ জৰিয়তে লাভ কৰা সুযোগবোৰ লাভৰ পৰা বঞ্চিত হ'ব নোখোজে।
অন্যহাতে প্ৰমাৰ্থৰ চিন্তা শেখৰ আৰু ৰক্তিমতৈ বহু পৃথক। সি ডিগ্ৰীও লাভ কৰিব বিচাৰে কিন্তু ডিগ্ৰীক কেৱল চাকৰি লাভৰ আহিলা হিচাপে, নিজে কিমান আয়ত্ত কৰিব পাৰিছে তাৰ এক মানদণ্ড হিচাপে। চৌদিশে সংঘটিত হৈ থকা ঘটনা-পৰিঘটনাবোৰক লৈ প্ৰমাৰ্থ সজাগ। লগতে সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কৌশলো অধ্যয়নশীল প্ৰাৰ্থী সূক্ষ্ম নীৰিক্ষণ কৰিব পাৰে। তিনিও বৰ্তমান একেখন কলেজৰ স্নাতক মহলাৰ অন্তিম বৰ্ষৰ ছাত্ৰ। ILO আৰু ইনষ্টিউট ফৰ হিউমেন ডেভেলপমেণ্টে যুটীয়াভাৱে শেহতীয়াকৈ প্ৰকাশ কৰা নিবনুৱা সমস্যা সম্পৰ্কীয় এক সমীক্ষাৰ হেডলাইনটো পঢ়ি সি উঠিছিল। সমীক্ষাটোৰ মতে এই বছৰ দেশত কৰ্মসংস্থাপনহীনতাৰ হাৰ ১২ শতাংশ বৃদ্ধি হৈছে।
"স্বাধীনতাৰ সত্তৰ দশকৰ পিছতো দেশৰ প্ৰতিটো চৰকাৰে নিবনুৱা সমস্যাটো সমাধানৰ বাবে কোনোধৰণৰ সুদূৰপ্ৰসাৰী পদক্ষেপেই গ্ৰহণ কৰিব নোৱাৰিলে। কেৱল নতুন ভোটাৰৰ ভোট লাভ স্বাৰ্থত ৰাজনৈতিক দলসমূহে বিষয়টোক লৈ ৰাজনীতি কৰি আহিছে।"-ৰক্তিমে ক'লে।
"ঠিকেই কৈছ। প্ৰকৃততে কোনো এটা দল অথবা চৰকাৰৰ নিবনুৱা সমস্যাটোৰ যথোপযুক্ত সমাধানৰ কোনো সঠিক নীতিয়েই নাই। কেৱল ৰাজনৈতিক লাভৰ স্বাৰ্থত দলসমূহে নিবনুৱা সমস্যা একেবাৰ নিঃশেষ কৰাৰ প্ৰতিশ্ৰুতি পৰ্যন্ত দিয়ে। কিন্তু বাস্তৱত সকলো অৰ্থহীন। বৰ্তমান দেশত যিমানে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে, তাতকৈ দহগুণ সংস্থাপনহীন হৈছে।"- পেপাৰখন বিপণীখনত থৈ প্ৰমাৰ্থ আহি সিহঁতৰ লগতে বহি ল'লে।
"দেশত প্ৰতিবছৰে প্ৰায় ১০ লাখ নতুনকৈ শিক্ষিত নিবনুৱা সৃষ্টি হয়। ডিগ্ৰী অৰ্জন কৰা পিছত কেৰিয়াৰ সম্পৰ্কীয় উপযুক্ত জ্ঞানৰ অভাৱত বছৰ-বছৰ ধৰি নিবনুৱাবোৰে হাবাথুৰি খাবলগীয়া হয়। এটা চৰকাৰী পদৰ বিজ্ঞাপন প্ৰকাশ হ'লে প্ৰায় দহ হেজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰে, আৰু প্ৰায় আশী শতাংশই সেই পদতকৈ অধিক আৰ্হতাসম্পন্ন। চৰকাৰে চাকৰি দিব কাক?"- শেখৰে অলপ ক্ষোভেৰেই কথাখিনি ক'লে।
শেখৰৰ কথাবোৰ মনোযোগেৰে শুনি প্ৰমাৰ্থ কিছুসময় গভীৰ চিন্তাত বুৰ গ'ল তাৰ পিছত লাহেকৈ ক'লে, "হয়, তই ঠিকেই কৈছ। আমাৰ দেশৰ নিবনুৱা সমস্যাৰ স্বৰূপটো ক্ৰমান্বয়ে ভয়াৱহ হৈ গৈ আছে। চৰকাৰে শীঘ্ৰেই এইক্ষেত্ৰত সংস্কাৰমুখী ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ প্ৰজন্মৰ সন্মুখত ভয়াৱহ বিপদৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। সামাজিক পৰিৱেশ বিনষ্ট হৈ অপৰাধৰ হাৰ বৃদ্ধি পাব। হতাশাত ভূগি নিবনুৱা যুৱক-যুৱতী জংঘললৈ যোৱাৰ মানসিকতা বৃদ্ধি পাব। উফ্! ভাবিয়েই অশান্তি লাগিছে।"
"তেন্তে আমাৰো একেই অৱস্থা হ'ব নেকি? শিক্ষা সমাপ্ত কৰি উপযুক্ত কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাব লাগিব নেকি?"- বহু সময় ধৰি মনে-মনে থকা ৰক্তিমে চিন্তিত হৈ কথাখিনি ক'লে।
"হয়, আমাৰ একেই দশা হ'ব। চাই লবি তঁহতে।"- শেখৰে কৰ্কশ মাতেৰে ক'লে।
"সহজভাৱে কিবা এটা সংস্থাপন লাভ কৰাৰ সময় কেতিয়াবাই ওকলি গ'ল। প্ৰতিটো ক্ষেত্ৰতে অন্তহীন প্ৰতিযোগিতা বাঢ়িছে। প্ৰতিযোগিতাৰ বজাৰখনত মূল্যবোধৰ মূল্য নোহোৱা হৈ গৈছে। উপযুক্ত শিক্ষাগত অৰ্হতা অৰ্জন কৰি আমিও সেই অৰ্হতা অনুসৰি সংস্থাপন লাভ কৰিবলৈ যুঁজ দিবই লাগিব। আচলতে এই যুঁজৰ কথা জানিবলৈ আমাৰ বহু পলম হ'ল। স্কুলীয়া সময়ত আমি কেৱল নম্বৰৰ পিছত দৌৰিবলৈ শিকিলোঁ, কলেজৰ সময়ছোৱাত নম্বৰৰ লগতে সংস্থাপনৰো যুঁজ আৰম্ভ হ'ল!"- প্ৰমাৰ্থই বিৰক্তি প্ৰকাশ কৰিলে।
প্ৰমাৰ্থৰ কথাত হয়ভৰ দি ৰক্তিমে কৈ গ'ল, "হয় দেই, স্কুলত আমি কেৱল ভাল নম্বৰ আহৰণতহে গুৰুত্ব দিলোঁ। মানুহে জ্ঞান লাভ কাৰণে পঢ়ে বুলি অতদিনে ভাবি আছিলোঁ। কিন্তু পঢ়া-শুনা কৰাৰ প্ৰথম আৰু মৌলিক উদ্দেশ্যে হৈছে সংস্থাপন লাভ কৰা- শেষত সেয়াই প্ৰমাণিত হ'ল আৰু আমিও একেই গতানুগতিক পথেৰে আগুৱাই যাব লাগিব।"
"স্কুলীয়া সময়তে ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ সম্বন্ধে সজাগ নকৰে কিয়? নৱম-দশম শ্ৰেণীত থাকোঁতেই শিক্ষাৰ্থীসকলক নিজৰ ৰুচি অনুযায়ী কেৰিয়াৰ বাছনি কৰিবলৈ উপযুক্ত পৰামৰ্শ প্ৰদান কৰিব লাগে। যাতে তেওঁলোকে উচ্চ শিক্ষাৰ পথত খোজ দিওঁতে কোনোধৰণে বিভ্ৰান্ত নহৈ সফলতাৰে আগবাঢ়ি যাব পাৰে।"- শেখৰে মন্তব্য আগবঢালে।
"তোৰ সৈতে মই একমত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থাকোঁতে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্বন্ধে সজাগ কৰিব লাগে। নহ'লে উচ্চ শিক্ষাৰ সময়ছোৱা বহু খৰতকীয়া। আজিকালি গতানুগতিক পাঠ্যক্ৰমৰ উপৰি কাৰিকৰী শিক্ষাৰ প্ৰচলন বৃদ্ধি পাইছে। সেয়েহে এইবোৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত শিক্ষক-অভিভাৱকসকলে সজাগতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিব লাগে।" প্ৰমাৰ্থই লাহে লাহে ক'লে।
প্ৰমাৰ্থৰ কথাবোৰ সৈতে শেখৰে আকৌ সংযোগ কৰিলে- "হয়, আমাৰ স্কুলীয়া শিক্ষা ব্যৱস্থাত তেনে এক পদক্ষেপৰ সংযোজন ঘটোৱাটো খুবেই প্ৰয়োজন আছে। চৰকাৰৰ প্ৰচলিত শিক্ষা নীতিয়ে ব্যৱহাৰিক জ্ঞান অথবা প্ৰতিভাৰ সলনি নম্বৰৰ পিছত দৌৰিবলৈ উৎসাহিত কৰে। নম্বৰৰ পিছত দৌৰি দৌৰি চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হয় আৰু মনে বিচৰা চাকৰিটো নাপালে গোটেই জীৱন অসুখী হৈ পৰে আৰু হতাশাত কিছূমানে আত্মহননৰ পথ বাছি লয়।"
এইবাৰ ৰক্তিমে লাহেকৈ ক'লে, "সন্মুখত পাৰ্লিয়ামেণ্টৰী ইলেকছন। যিটো দলৰ হাতত নিবনুৱাক সংস্থাপন দিয়িৰ কোনোধৰণৰ নীতি নাই, সেই দলক প্ৰজন্মৰ ভোটাৰে বৰ্জন কৰা উচিত।"
"ঠিকেই কৈছ।" - প্ৰমাৰ্থ আৰু শেখৰে একেলগে ক'লে।
"এনেও প্ৰায় প্ৰতিটো দলেই নিৰ্বাচনৰ সময়ছোৱাত নিবনুৱা সমস্যাক লৈ বহুত গহীন হোৱা দেখা যায়। কিন্তু জয়ী হোৱা পিছত নিবনুৱাক লৈ কিছুমান প্ৰহসনমূলক পদক্ষেপহে হাতত লয়।"- শেখৰে এইবাৰ কিছু ক্ষোভ প্ৰকাশৰ সুৰত ক'লে।
"ক্ৰিং...."- প্ৰমাৰ্থই মোবাইলটোলৈ চাই ক'লে, "হ'ব দে, নতুন আশাৰ সোপান গঢ়িবলৈ ভোট দিবতো লগিবই। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এজন সচেতন প্ৰজন্মৰ ভোটাৰ হিচাপে। শেখৰ, ৰক্তিম তঁহত থাক। মই যাওঁ, এইচ অ' ডিয়ে ক্লাছ কৰিব।"
কথাখিনি কৈ প্ৰমাৰ্থ কলেজৰ গেটৰ ফালে দৌৰ দিলে। ৰক্তিম আৰু শেখৰ বেঞ্চত বহি কথা পতাত ব্যস্ত হৈ পৰিল।
Comments
Post a Comment