বিবেক দংশন
✍️- প্ৰশান্ত বাৰ্মা
গা ধুই আহি ঘড়ীটোলৈ চাই দেখোঁ কাঁটাডাল ইতিমধ্যে ৮ বাজি পাৰ হৈছে। আজি ব্ৰেকফাষ্ট কৰাৰো সময় নহ'ব, সেয়েহে ততালিকে কাপোৰ পিন্ধি গাড়ীখন লৈ অফিচলৈ ৰাওনা হ'লো। মূল বাটেৰে গ'লে যানজঁট পোৱাটো নিশ্চিত আৰু ট্ৰেফিক পালে অধিক পলম হ'ব! সেয়েহে এটি বিকল্প পথেৰে যোৱাৰ সিদ্ধান্ত ল'লো। কালি ৰাতি সেই অনাকাংক্ষিত ঘটনাটো নঘটনাহেঁতেন ৰাতিপুৱা ইমান খৰখেদা কেতিয়াও নহয়। অফিচলৈ ওলাই আহিলোঁ হয়, কিন্তু কামত মনোযোগ দিব পাৰিম নে নাই সেয়া ক'ব নোৱাৰোঁ। ভুলটো মোৰেই আছিল যেন উপলব্ধি কৰিছোঁ, ৰক্তিমক তেনেকৈ কোৱাটো মুঠেই সমীচীন হোৱা নাই। নাই নাই, সিওতো মোক অপ্ৰত্যাশিতভাৱে দোষ দিছিল যিটো ঘটনাৰ সৈতে মই কোনো প্ৰকাৰে জড়িতই নহয়। সেয়েহে তাৰ সৈতে অলপ কঠোৰ ভাষাৰেই কথা পাতিলোঁ। তাক কঠোৰভাৱে নক'লে সামাজিক প্ৰেক্ষাপটত মোৰ ছবি অধিক বিনষ্ট হ'ব আৰু যিটো মই কোনোপধ্যেই স্বীকাৰ কৰিব নোৱাৰোঁ। অফিচত সোমাই লৰালৰিকৈ পি আৰ ব্ৰাঞ্চলৈ আগবাঢ়ি গ'লো। উফ্ ৰক্ষা! বছ এতিয়াও আহি পোৱাহি নাই। নিজৰ ডেক্সতে বহি কিছু সময় চিন্তাত বুৰ গ'লো। কালিৰ ঘটনাটোৰ ইটো-সিটো বহুতো কথাই মন-মগজুত সমানে বিন্ধি গ'ল। ফোনত ৰক্তিমৰ সেই উদাত্ত ভাষাৰ প্ৰতিধ্বনি এতিয়াও কাণত বাজি আছে। কিমান হৃদয় বিদাৰকভাৱে সি মোৰ আগত ঘোষণা কৰিছিল সেই কথাষাৰ। কিছুপৰ নিথৰ হৈ ৰৈছিলোঁ মই। মোৰ বিবেক দংশনৰ জুইয়ে মোৰ প্ৰজ্ঞা আৰু যুক্তি উভয়কে দিশহাৰা কৰি তুলিছিল। তথাপিতো সামান্য সাহস গোটাই তাৰ আগত নিজৰ সন্মান ৰক্ষাৰ প্ৰয়াস কৰিছিলোঁ। মোৰ মুখত ফুঁটি উঠিছিল হতাশাৰ চৰম সুৰ। ৰক্তিমেও সেই কথা ভালদৰেই অনুধাৱন কৰিছিল। কলেজৰ সময়ৰ পৰাই সি মোক পাই আহিছে। সেই সময়ৰ পৰাই সুখ-দুখৰ প্ৰতিটো ক্ষণত সি মোৰ সহযাত্ৰী হৈ আহিছে। কিন্তু কালি এই কথা মোৰ আগত প্ৰকাশ কৰাৰ আগতে সিও যেন মানসিকভাৱে প্ৰস্তুত নাছিল। বিবেকে যেন তাক অনুমতি দিয়া নাছিল মোৰ বিবেকক দংশন কৰিবলৈ। তথাপিতো সি মুকলিভাৱেই কথাটো ক'লে। "মিঃ প্ৰসেনজিৎ"-মাতষাৰ শুনি হঠাৎ বৰ্তমানলৈ উভতি আহিলোঁ। কাষত মিছ লোহিয়া। ইতিমধ্যে বছ আহি পাইছে। কালি এছাইন কৰা গুৰুত্বপূৰ্ণ প্ৰজেক্টটো মোৰ আজি চাবমিছন কৰাৰ কথা আছিল। কিন্তু প্ৰজেক্টটো সম্পূৰ্ণ কৰা নহ'ল, চাবমিট কৰোঁ কেনেকৈ? এতিয়াই সম্পূৰ্ণ কৰি দুপৰীয়াৰ ভিতৰত চাবমিট কৰিব লাগিব। লেপটপটো অন কৰিলোঁ। হঠাৎ অফিচৰ কোলাহলে মোক অৱসাদগ্ৰস্ত কৰি তুলিলে। চাৰিওফালে কোলাহল। কেৱল কোলাহল। মানুহৰ কোলাহল। হঠাৎ চৌদিশে কেৱল অন্ধকাৰ দেখিছোঁ। কেৱল অন্ধকাৰ। জয়াল স্তব্ধ অন্ধকাৰৰ মাজত ভাঁহি আহিছে ৰক্তিমৰ ভয় লগা মাত.....।
🤍✨
ReplyDelete🙏💛
Delete