
আবেলি ৪:৩০। তেজপুৰ বিশ্ববিদ্যালয়ৰ চেণ্ট্ৰেল লাইব্ৰেৰী। অসমীয়া বিভাগৰ কিতাপৰ শাখাৰ পৰা উলিয়াই লৈছিলোঁ কবিতাৰ এখন মনোজ্ঞ সংকলন। সংকলনটিৰ পৰা বন্ধু মুগ্ধই পাঠ কৰিছিল দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা'ৰ স্তৱক। পশ্চিমৰ অস্ত বেলিটিৰ হেঙুলীয়া আভাই আকাশখনক এক ৰঙচুৱা আভৰণ প্ৰদান কৰিছিল। লাইব্ৰেৰীৰ দ্বিতীয় মহলাৰ খিৰিকীখনৰ পৰা এই দৃশ্যটিয়ে মনত এক অনন্য সতেজতাৰ সঞ্চাৰ কৰিছিল। ঠিক দেৱকান্ত বৰুৱাদেৱে দেখা দূৰ দিগন্তলৈ বিয়পি থকা নীলিম সলিলৰাশিৰ বাধাহীন উৰ্মিমালাবোৰ যেন আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ তেজস্বী মনবোৰত প্ৰৱাহিত হৈছিল। সেই কবিতাৰ আবেলিত অস্তাচলৰ হেঙুলীয়া বেলিটি দেখি হঠাৎ মোৰ মন উভতি গৈছিল শৈশৱৰ অমায়িক দিনবোৰৰ মাজলৈ। বিংশ শতিকাৰ শেষৰফালে আৰু এই শতিকাৰ আৰম্ভণিতে জন্ম লাভ কৰা আমাৰ দৰে প্ৰতিজনৰ শৈশৱ কালছোৱা বৰ্তমানৰ শিশুসকলৰ শৈশৱৰ সময়ছোৱাতকৈ বহুধৰণে পৃথক আছিল। স্মাৰ্টফোন অথবা ইণ্টাৰনেটৰ যান্ত্ৰিক প্ৰভাৱৰ পৰা কিছু নিলগত মানৱীয় প্ৰমূল্যবোধৰ সংস্পৰ্শৰে আমাৰ সেই দিনবোৰ পাৰ হৈছিল। প্ৰকৃতিৰ পৰশ, সাধু-গল্পৰ পুথি, নানা ধৰণৰ খেল-ধেমালি আৰু টেলিভিছনত দুখন-এখন শিশু উপযোগী অনুষ্ঠান- এইবোৰেই আমাৰ শৈশৱৰ সোণালী দিনবোৰক অদ্বিতীয়ভাৱে সমৃদ্ধ কৰিছিল। শিশু আলোচনী 'মৌচাক', 'সঁফুৰা' তথা 'ৰংমন'ৰ পৰা 'বুঢ়ী আইৰ সাধু', 'ককা দেউতা আৰু নাতি ল'ৰা', 'ঈছপৰ সাধু', 'জাতকৰ সাধু'- প্ৰতিখন আলোচনী অথবা কিতাপেই আমাৰ শিশু মনটোক বিচৰণ কৰিবলৈ একোখন সুকীয়া জগত প্ৰদান কৰিছিল। এই অভ্যাসে ক'ব নোৱাৰাকৈয়ে আমাৰ শিশু মগজুৰ শব্দ, চিন্তা, কল্পনাত এক বিশেষ প্ৰভাৱ পেলাইছিল। শৈশৱ কালৰ খেলবোৰে আমাৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দেওঁবাৰৰ দিনটোত টিভিত কাৰ্টুন চোৱাৰ আনন্দও আছিল সুকীয়া। কিন্তু সময় আগবঢ়াৰ লগে লগে শৈশৱৰ মধুৰ দিনবোৰ ক্ৰমাৎ স্মৃতি হৈ গ'ল। এতিয়া যৌৱনৰ ভৰ দুপৰীয়া আধুনিক পৃথিৱীখনৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰাৰ যুঁজত আমি সকলো অৱতীৰ্ণ হৈছোঁ। বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ জীৱন গঢ়াৰ এই যাত্ৰাপথত আমি বহু নজনা কথা শিকিবলৈ পাইছোঁ, বহু নানাৰঙী অভিজ্ঞতা লাভ কৰিছোঁ যিটো হয়তো পাঠ্যপুথিত বিচাৰি পোৱা নাই, যিবোৰে জীৱনৰ বিভিন্ন সময়ত আমাক সহায় কৰিব পাৰে ক'ব নোৱাৰাকৈ। ঠিক সেইদৰেই শৈশৱৰ সোণালী দিনবোৰে পাহৰিব নোৱাৰাকৈ আমাৰ মনটোক চিৰসেউজ কৰি ৰাখে জীৱনৰ প্ৰতিটো মুহূৰ্ততে, মাৰ্কিন নাট্যকাৰ Tom Stoppardয়ে কোৱাৰ দৰে, "If you carry your childhood with you, you never become older." সেই আবেলিৰ অস্তাচলৰ ৰঙচুৱা বেলিটিৱে বিশ্ববিদ্যালয়ৰ ব্যস্ততাময় জীৱনৰ মাজত শৈশৱৰ সোণালী স্মৃতি যেন আকৌ সজীৱ কৰি তুলিলে।
Comments
Post a Comment