অনুগল্প- বৈপৰীত্য


বৈপৰীত্য 

লেখক- প্ৰশান্ত বাৰ্মা 

    সমাজৰ এগৰাকী সচেতন চিন্তাবিদ হিচাপে পৰিচিত প্ৰসেন বৰদলৈয়ে পুৱা বাৰাণ্ডাতে বহি লৈ আজিৰ বাতৰিকাকতত প্ৰকাশ পোৱা তেওঁৰ লেখাটোত চকু ফুৰাই আছিল। তেওঁৰ মনত কিছু বিৰক্তি, মুখমণ্ডলত কিছু নিস্তেজতাৰ চিন স্পষ্ট। পুৱা অন্য কাম কৰাৰ পূৰ্বে হাতত চাহকাপ লৈ কাকত পঢ়াটো বৰদলৈৰ বহুদিনীয়া অভ্যাস। কিন্তু আজি হাতত কাকতখন আছে যদিও চাহকাপ নাই। পত্নী সুজাতাৰ আজি সাৰ পোৱাত কিছু পলম হ’ল বাবে আজি চাহকাপ কৰোঁতে পলম হৈছে। অৱশেষত সুজাতাই চাহকাপ কৰি বাৰাণ্ডাত বহি থকা প্ৰসেনৰ কাষলৈ গৈ চাহকাপ দিলেগৈ। প্ৰসেনে কোনো মাত নিদিয়াকৈ কাষৰ টেবুলখনত পেপাৰখন থৈ ভিতৰলৈ সোমাই গ’ল। পুৱাৰ চাহকাপ প্ৰসেনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সুজাতাই জানে, কিন্তু এদিন পলম হ’লেতো তেনে ব্যৱহাৰ নিশ্চয় আশা কৰিব নোৱাৰি। তেওঁ টেবুলখনতে চাহকাপ থৈ ভিতৰত প্ৰসেনক বুজনি দিবলৈ সোমাই গ’ল। টেবুলখনত চাহকাপৰ কাষতে প্ৰসেনৰ প্ৰকাশিত লেখাটো- ডাঙৰ ডাঙৰ হৰফেৰে শিৰোনামটো জিলিকি আছে- বিশ্বায়নৰ যুগত নাৰীৰ মৰ্যাদা।

Comments