য’ত ক্লান্ত হয়,
মোৰ অদৃশ্য সময়ৰ পল-অনুপল
য’ত জাগ্ৰত হয়,
মোৰ অবাধ জীৱনৰ তীক্ষ্ণ স্বাধীনতা
য’ত বন্দী হয়,
তুমি তাতেই দেখা দিয়া
মই কি কৰোঁ?"
নৱেম্বৰ সংখ্যা ‘গৰীয়সী’ আলোচনীখন হাতত পৰাৰ লগে-লগে এক প্ৰচণ্ড আৱেগে মনটো খোন্দা মাৰি ধৰিলে। জুবিন গাৰ্গক লৈ বৰ্ধিত কলেৱৰত এই সংখ্যা আলোচনীখন সজোৱা হৈছে। যুগদ্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অসমত বিৰাজ কৰা শূন্যতা অভূতপূৰ্ব আৰু অবৰ্ণনীয়। অসমীয়া জনসাধাৰণে বিশেষকৈ নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সত্তাক নতুনকৈ বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে। তেওঁৰ জীৱন-দৰ্শন আৰু সৃষ্টিৰাজিক এক নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰি সুদূৰ ভৱিষ্যতলৈ তেওঁক জীয়াই ৰখাৰ প্ৰচেষ্টা অসমৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলে চিন্তা-চৰ্চা কৰিছে। নিতান্তই এয়া এক আশাব্যঞ্জক খবৰ। কিন্তু অত্যন্ত ক্ষোভ আৰু বেদনাৰ বিষয়টো হ’ল অসমৰ যিসকল মুষ্টিমেয় বুদ্ধিজীৱী, সাংবাদিক, লেখক অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ স্বয়ম্ভূ অভিভাৱক হিচাপে নিজকে গণ্য কৰে, তেওঁলোকৰ অধিকাংশই জুবিন গাৰ্গ জীয়াই থাকোঁতে তেওঁৰ অপূৰ্ব আৰু অনন্য সৃষ্টিসত্তাক স্বীকৃতি প্ৰদানৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে। বৰ্তমান এই শ্ৰেণীৰ বুদ্ধিজীৱীয়েই বৰ-বৰ শিৰোনামেৰে বাতৰিকাকতত নাতিদীৰ্ঘ নিবন্ধ লিখি শিল্পীগৰাকীৰ অসামান্য প্ৰতিভাৰ কথা বিশ্লেষণ কৰিছে। জীৱন্ত কালত তেওঁৰ গীত, তেওঁৰ সৃষ্টিৰাজিত প্ৰকাশ পোৱা বিশ্বজনীন অনুভূতিক হয়তো বহুতেই অনুভৱ কৰাৰ প্ৰয়োজনবোধ নকৰিলে। এতিয়া এনে এজন মূল্যৱান সম্পদক হঠাতে হেৰুৱাই জাতিটোৱে যেন অনুতপ্ত, হতভগীয়া অনুভৱ কৰিছে। অনাগত কেইবাদশকলৈ (হয়তো শতিকাজুৰি) জুবিন গাৰ্গৰ স্থান কোনেও পূৰণ কৰিব নোৱাৰে।
যোৱা ৩১ অক্টোবৰত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি লাভ কৰে। অসমবাসীয়ে অধীৰ অপেক্ষাৰে বাট চাই থকা ছবিখন মুক্তি লাভ কৰাৰ লগে লগে কেইবাটাও অভিলেখ ৰচনা কৰে- যি অভিলেখ অসমীয়া চিনেমাৰ ইতিহাসত অনাগত কেইবাদশকলৈ অক্ষুন্ন থাকিব। চিনেমাখন মুক্তি লাভ কৰাৰ দিনাই আমি বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰলৈ চাবলৈ গৈছিলোঁ। চৌদিশে এক আৱেগবিহ্বল পৰিৱেশ। চিনেমাখনৰ কাহিনী-সংগীত-সংলাপ সকলোবোৰেই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি আৱেগিক কৰি তুলিলে। চিনেমাখন আত্মজীৱনীমূলক নহ’লেও জুবিন গাৰ্গৰ জীৱন-দৰ্শনক গভীৰ ৰূপত প্ৰতিফলিত কৰিলে। তেওঁৰ প্ৰতিটো সংলাপেই যেন তেওঁৰ জীৱনৰ লগত জড়িত বিশেষ উপমাবিশিষ্ট। ভৱিষ্যদৰ্শী জুবিনৰ লগত চিনেমাখন বহু ক্ষেত্ৰত প্ৰাসংগিক হৈ ৰ’ল। শিল্পীগৰাকীৰ শেষৰখন চিনেমাই যেন বহু অব্যক্ত কথাই প্ৰকাশ কৰি গ’ল।
এই বছৰৰে ৭ এপ্ৰিলৰ সন্ধ্যা। গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হৈ থকা ৰঙালী ফেষ্টিভেলৰ অন্তিম দিন। দৰ্শকৰ বিশাল সমাগম। কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ সংগীত পৰিৱেশনৰ পিছত এগৰাকী অন্ধ শিল্পী মঞ্চলৈ উঠি আহিল। নিজকে চিনাকি দিলে ৰাউল বুলি। ক’লে নিজৰ সংগীত যাত্ৰাৰ বিষয়ে। শেষতে সকলোৰে আগৰ পৰা ৰহস্য আঁতৰাই ৰাউলৰ চৰিত্ৰৰ পৰা নিজকে আঁতৰাই জুবিন গাৰ্গে ঘোষণা কৰিলে এয়া তেওঁৰ মুক্তি লাভ কৰিবলগীয়া নতুন চিনেমাখনৰ জিলিঙনি- ‘ৰৈ ৰৈ বিনালে’। প্ৰখমখন অসমীয়া মিউজিকেল চিনেমা। এজন অন্ধ শিল্পীৰ জীৱনৰ ঘাত-প্ৰতিঘাত তথা সফলতাৰ কাহিনী। ইয়াৰ পিছত তেওঁ মুকলি কৰিছিল চিনেমাখনৰ পোষ্টাৰ। চিনেমাখনৰ প্ৰচাৰৰ পিছত পৰিৱেশন কৰিছিল তেওঁৰ অতিকৈ আপোন- ‘মায়াবিনী’। তাৰ পিছত ‘মাজুলীৰ এজনী ছোৱালী...’। আন সহস্ৰাধিক দৰ্শকৰ লগতে আমিও সমগ্ৰ সেই নিশাৰ সাক্ষী হৈ ৰৈছিলোঁ। উল্লেখ্য যে, চিনেমাখনৰ কেইবাটাও অংশৰ শ্বুটিং ৰঙালীৰ মঞ্চখনত কৰা হৈছিল। দুঃসংযোগ হিচাপে এয়াই আমি উপভোগ কৰা জুবিন গাৰ্গৰ শেষ অনুষ্ঠান। কিন্তু তেওঁৰ ভাষাৰেই বাৰে বাৰে ক’বলৈ মন যায়, “শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়...।”

Comments
Post a Comment