ভাৰতত ইংৰাজী ভাষাৰ মৰ্যাদা আৰু মেকলে মানসিকতা

   


ভাৰতত ইংৰাজী ভাষাৰ মৰ্যাদা আৰু মেকলে মানসিকতা

মূল(ইংৰাজী)- শশী থাৰুৰ

ভাষান্তৰ- প্ৰশান্ত বাৰ্মা


প্ৰথমে ৰামনাথ গোৱেংকা বক্তৃতানুষ্ঠান আৰু পৰৱৰ্তী সময়ত অযোধ্যাৰ ধৰ্মধ্বজ উত্তোলনৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ‘মেকলে মানসিকতা’ক লৈ প্ৰদান কৰা মন্তব্যই ভাৰতত ইংৰাজী ভাষাৰ মৰ্যাদা আৰু স্থানক লৈ পুনৰ এবাৰ বিতৰ্কৰ সূত্ৰপাত কৰিছে। এনে বিতৰ্ক এনে সময়ত বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰে- যিটো সময়ত ভাৰতে আন্তৰ্জাতিক মঞ্চত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ ফলপ্ৰসূ প্ৰয়াস কৰি আছে। এই সম্পৰ্কে ভাৰতে সেইটো ভাষাৰ উত্তৰাধিকাৰক গভীৰভাৱে চিন্তা কৰিব লাগিব- যিটো ভাষাক ঔপনিৱেশিক শাসনতন্ত্ৰই ভাৰতীয়সকলক পৰাধীন কৰি ৰাখিবলৈ জাপি দিছিল যদিও পৰৱৰ্তী সময়ত যি ভাষাই ব্যক্তি স্বাধীনতা, সমালোচনাত্মক চিন্তা আৰু যোগাযোগৰ এক প্ৰভাৱশালী মাধ্যম হিচাপে গ্ৰহণ কৰা হ’ল। 

এইক্ষেত্ৰত সৃষ্টি হোৱা বিদ্ৰুপ অতি আকৰ্ষণীয়। ভাৰতীয় শিক্ষা ব্যৱস্থাক লৈ থমাছ ব্যেবিংটন মেকলেৰ কুখ্যাত ১৯৩৫ চনৰ ‘মিনিট’ত ভাৰতত এনে এক শ্ৰেণী সৃষ্টি কৰাৰ প্ৰস্তাৱ কৰা হৈছিল, যিটো শ্ৰেণী হাড়ে-হিমজুৱেতো ভাৰতীয় হ’ব, কিন্তু ৰুচি-চিন্তা-নৈতিক তথা বৌদ্ধিক দৃষ্টিকোণৰ পৰা ইংৰাজ হ’ব। মেকলেৰ উদ্দেশ্য ভাৰতীয় সংস্কৃতিৰ উত্থান নাছিল বৰঞ্চ উদ্দেশ্য আছিল ঔপনিৱেশিক শাসনৰ সুবিধা গ্ৰহণ কৰি এনে বিষয়াবৰ্গক প্ৰশিক্ষণ প্ৰদান কৰা- যিটো বৰ্গই ইংৰাজতকৈও অধিক দক্ষতাৰে ব্ৰিটিছ সাম্ৰাজ্যক সেৱা আগবঢ়াব পাৰে। তেওঁ কেইবা শতাব্দী প্ৰাচীন ভাৰতীয় জ্ঞান-পৰম্পৰাক শ্বাসৰুদ্ধকৰ দম্ভৰে খাৰিজ কৰি ঘোষণা কৰিছিল, “সমগ্ৰ ভাৰত আৰু আৰৱৰ লোকসাহিত্যৰ তুলনাত ইউৰোপৰ ভাল পুথিভঁৰালৰ মাথোঁ এটা আলমাৰিত থকা সাহিত্য অধিক মূল্যৱান।”

অদ্যপি ভাষাৰ দৰেই সময়ৰ সৈতে ইতিহাসেও সোঁত সলনি কৰে। এটা সময়ত শাসকৰ ভাষাক শাসিত জনসাধাৰণে গ্ৰহণ কৰিলে আৰু নিজৰ ধৰণে ব্যৱহাৰ কৰিলে। যিটো বৰ্গ মেকলেই সৃষ্টি কৰিব বিচাৰিছিল, সেই বৰ্গটোৱেই পৰৱৰ্তী সময়ত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ উকালতি আৰম্ভ কৰিলে। যিটো ভাষা এসময়ত দমনৰ অস্ত্ৰ আছিল সেই ইংৰাজী ভাষাই প্ৰতিৰোধৰ অস্ত্ৰ হিচাপে চিহ্নিত হ’ল। যি গৰাকী ব্যক্তিৰ স্মৰণত বক্তৃতানুষ্ঠানখনৰ আয়োজন কৰা হৈছিল, য’ত মোডীয়ে প্ৰথমবাৰৰ সমগ্ৰ বিষয়টোক লৈ তীক্ষ্ন বক্তব্য ৰাখে- সেই ব্যক্তিজনেই হৈছে ৰামনাথ গোৱেংকা- যিয়ে এখন ইংৰাজী সংবাদপত্ৰ (দ্য ইণ্ডিয়ান এক্সপে)ৰ যোগেদি প্ৰথমে ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল আৰু পৰৱৰ্তী কালত জৰুৰীকালীন সময়ছোৱাত চৰকাৰৰ নীতিক সমালোচনা কৰিছিল। এনে ঐতিহাসিক বিদ্ৰুপ সচেতন লোকসকলৰ পৰা কেতিয়াও হেৰাই যোৱা নাই। 

আমি নিশ্চিতভাৱে মেকলে মানসিকতাক ত্যাগ কৰা উচিত, ইংৰাজী ভাষাক নহয়। আমি ইংৰাজী ভাষাক ত্যাগ কৰিব নালাগে, ইয়াৰ লগতে সেইবোৰ বৌদ্ধিক সম্পদকো ত্যাগ কৰিব নালাগে যিবোৰে ইয়াক ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰে। কিন্তু ইয়াৰ লগে-লগে আমি নিজৰ কথাও শিকিব লাগিব আৰু নিজৰ সভ্যতাৰ গভীৰ আৰু সমৃদ্ধশালী ধাৰাৰ সৈতেও সংযোগ হ’ব লাগিব। শ্যেকছপীয়েৰৰ সৈতে আমি কালিদাসকো অধ্যয়ন কৰিব লাগিব সমান্তৰালকৈ উপনিষদসমূহক প্লেটোৰ সৈতে আৰু ৰামায়ণক বাইবেলৰ সৈতে (লগতে লেইলা-মজনু, ছুফী সন্তৰ পৰম্পৰা আৰু ভক্তি আন্দোলনো অন্তৰ্ভুক্ত হওঁক- কিয়নো আমাৰ সভ্যতাৰ পৰিসৰ বিশাল-বিচিত্ৰ আৰু বহু-ধাৰ্মিক চৰিত্ৰৰ)। আমাৰ সন্তানে প্ৰথমে নিজৰ মাটিৰ কাহিনীৰ সৈতে পৰিচয় লাভ কৰক তাৰ পিছত আন সভ্যতাৰ কথা শিকক এই কথা আমি নিশ্চিত কৰিব লাগিব। আৰু এয়া আমি সকলো ভাষাতেই কৰিব লাগিব- ইংৰাজীৰ সৈতে। 

ইংৰাজী এতিয়া বিদেশী ভাষা হৈ থকা নাই। উচ্চাৰণ, ঠাঁচ আৰু কল্পনা- ইত্যাদি সকলো দিশৰ পৰাই ইংৰাজী ভাষা এতিয়া ভাৰতীয়। এইটোৱেই হৈছে সেই ভাষা যিটোত আমি দুখত শোক প্ৰকাশ কৰোঁ আৰু বিজয়ত উৎসৱ উদযাপন কৰোঁ। এইটো ভাষা ব্যৱহাৰ কৰিয়েই মই লেখাটো লিখিছোঁ আৰু এইটো ভাষাৰেই মই এসময়ত মহাভাৰতৰ পুনঃকথন প্ৰকাশ কৰিছিলোঁ। গতিকে ইংৰাজীৰ বাবে আমি লাজ অনুভৱ কৰা সমীচীন নহয়। আমি তেতিয়া লাজ কৰা উচিত-যেতিয়া আমিনো কোন সেয়াই পাহৰি যাওঁ। যিটো ভাষাৰ জৰিয়তে আমি বিশ্বৰ সৈতে সংযোগ হৈ আছোঁ সেই ভাষাটো পৰিহাৰ কৰাটো অৰ্থহীন বৰঞ্চ আমাৰ নিজৰ পৰা বিছিন্ন কৰা মানসিকতাকহে পৰিত্যাগ কৰা উচিত। 

শেষত, মেকলেই আমাক এক সঁজুলি প্ৰদান কৰিছিল। সেই সঁজুলিক আমি এটা অস্ত্ৰ, এখন সেতু আৰু এটা প্ৰতিবিম্বলৈ ৰূপান্তৰিত কৰিলোঁ। এতিয়া ইয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ সময় আহিছে- লগতে এই কথা মনত ৰখা উচিত হ’ব যে, ভাৰতৰ আত্মা কেৱল এটা ভাষাত নিহিত হৈ থকা নাই- বৰঞ্চ আমি শুনাবলৈ বিচৰা কাহিনীবোৰত তথা আগবঢ়াই নিব বিচৰা মূল্যবোধবোৰত নিহিত হৈ আছে। 

(The Indian Expressৰ ১১ ডিচেম্বৰ ২০২৫ সংখ্যাত প্ৰকাশিত শশী থাৰুৰ “Amid Macaulay row, let’s not forget, India increasingly speaks in English to itself” শীৰ্ষক লেখাটোৰ সাৰমাৰ্মৰ অসমীয়া অনুবাদ)

Comments