ডিটেক্টিভ

 


ডিটেক্টিভ

মূল- সুকুমাৰ ৰায়

অনুবাদ- প্ৰশান্ত বাৰ্মা


জলধৰৰ খুৰা পুলিচত চাকৰি কৰেতেওঁৰ ককাদেউতাকে ৰহস্যমূলক অনুসন্ধানধৰ্মী কাহিনী লিখে। সেইবাবেই জলধৰৰ দৃঢ় বিশ্বাস চোৰ, ডকাইত, জাল নোট বনোৱা লোক আৰু জুৱাৰীক ধৰা পেলাবলৈ যিমানবোৰ কৌশল আছে, সেইবোৰ তেওঁৰ খুৰা আৰু ককাৰ বাহিৰে আন কোনেও ভালদৰে নাজানে। সি নিজেও সেই আটাইবোৰ কৌশল জানে বুলি গৌৰৱ কৰে। কাৰোবাৰ ঘৰত চোৰ হ’লেই জলধৰ সৰ্বপ্ৰথমে ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত তেওঁ বৰ বুদ্ধিমানৰ দৰে আলোচনা আৰম্ভ কৰে- চুৰি কাৰ্যটো কোনে সংঘটিত কৰিলে, কেনেকৈ কৰিলে আৰু সি অনুসন্ধানকাৰীৰ ঠাইত থাকিলে কেনেদৰে সেই চোৰক ধৰিলেহেঁতেন ইত্যাদি ইত্যাদি

এবাৰ যোগেশ বাবুৰ ঘৰৰ বাচন-বৰ্তন চুৰি হোৱাৰ সময়ত সি নিজৰ ডিটেক্টিভৰ বুদ্ধি খটুৱাই ক'লে, "তোমালোকৰ সাৱধানতা বুলিবলৈ একো নাই। চোৰ হ'বই। ভঁৰালঘৰৰ কাষতে এটা অন্ধকাৰ গলি আছে। তাত খিৰিকীত কোনো গজালেই নাই। অলপ অভিজ্ঞ চোৰ এজনৰ বাবে সেইফালেদি সোমাই বাচন-বৰ্তন লৈ পলাই যোৱাটো কি ডাঙৰ কথা?" আকৌ ক'লে, "আমাৰ ঘৰত ইমান বাচন-বৰ্তন থ'বলৈ ঠাই নাই। সেইবাবে মই বনকৰা লৰা ৰামদিনক কৈছিলোঁ, বাচনবোৰ খিৰিকীৰ কাষত এনেদৰে থ'বলৈ, যাতে খিৰিকী খোলামাত্ৰেই সিহঁত মজিয়াতপৰি ডাঙৰকৈ শব্দ কৰে। চোৰ ধৰিবলৈ এইবোৰ কৌশল জানিবই লাগিব।" সেইদিনা আমি সকলোৱে জলধৰৰ বুদ্ধিমত্তাৰ বহুত প্ৰশংসা কৰিছিলোঁ। কিন্তু পিছদিনাই শুনিলোঁ, আগ নিশাই জলধৰৰ নিজৰ ঘৰৰ পৰাই বুজন পৰিমাণৰ ধন চুৰ হৈছে। তেতিয়া মোৰ মনত পৰিল, আগদিনা তাক ইমান প্ৰশংসা নকৰিলেই ভাল আছিল। কিন্তু এই ঘটনাত জলধৰ একেবাৰেই নিৰাশ নহ'ল। সি ক'লে, "প্ৰকৃততে ৰামদিনৰ মূৰ্খামিয়েহে সকলো খেলি-মেলি কৰিলে। নহ'লে চোৰ মোৰ হাতৰ পৰা সাৰি নগলহেঁতেন। চাৰিদিনৰ ভিতৰতেই তাক ধৰিম।"

কিন্তু দুমাহ গ', চাৰিমাহ গ'ল, তথাপিও চোৰ ধৰা নপৰিল।

ইফালে আমি চোৰ-ডকাইতৰ কথাবোৰ প্ৰায় পাহৰিয়েই পেলাইছিলোঁ। ঠিক তেনে সময়তে আমাৰ বিদ্যালয়ত আকৌ একেৰাহে চুৰিৰ ঘটনা আৰম্ভ হ'ল। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে অনা টিফিনৰ খাদ্য চুৰি হ'বলৈ ধৰিলে। প্ৰথম দিনা ৰামপদৰ টিফিন চুৰি হ'ল। সি বেঞ্চৰ ওপৰত ৰাবড়ি আৰু লুচি থৈ হাত ধুবলৈ গৈছিল। উভতি আহি দেখে, কোনোবাই গোপনে আহি সেইবোৰ খাই শেষ কৰিছে। লাহে লাহে আৰু দুজন-চাৰিজন ল'ৰাৰ টিফিনো চুৰি হ'বলৈ ধৰিলে। তেতিয়া আমি জলধৰক সুধিলোঁ,  "কি হ'ল হে ডিটেক্টিভ? এইবাৰ তোমাৰ চোৰ ধৰা বুদ্ধি কামত নালাগেনে?" জলধৰে ক'লে, "মই বুদ্ধি খটোৱা বন্ধ কৰি দিছোঁ নেকি? অলপ ধৈৰ্য ধৰা।" তাৰ পিছত সি বৰ গুৰু-গম্ভীৰভাৱে ক'লে যে, নতুনকৈ বিদ্যালয়লৈ অহা ল'ৰাটোৰ ওপৰত তাৰ সন্দেহ আছে। কাৰণ, সেই ল'ৰাটো অহাৰ পিছৰে পৰাই এই চুৰিৰ ঘটনাবোৰ আৰম্ভ হৈছে।  সেইদিনাৰ পৰা আমি সকলোৱে সেই নতুন ল'ৰাটোৰ ওপৰত কটকটীয়া নজৰ ৰাখিবলৈ ধৰিলোঁ।

কিন্তু দুদিন নৌযাওঁতেই আকৌ চুৰি হ'ল! বেচেৰা পাগলা দাশুৱে ঘৰৰ পৰা এটা মাংসৰ চপ আনি টিফিন কোঠাৰ বেঞ্চৰ তলত লুকুৱাই ৰাখিছিল। কোনোবাই তাৰ আধাখিনি খাই বাকীখিনি ধূলিত পেলাই থৈ গ'ল। এই দেখি পাগলা দাশু ইমান খং উঠিল যে সি চিঞৰি-চিঞৰি গোটেই বিদ্যালয়খন তোলপাৰ কৰি পেলালে। আমি সকলোৱে ক'লোঁ, "শান্ত হোৱা! ইমান হুলস্থূল কৰিলে চোৰটো কেনেকৈ ধৰা পৰিব?" কিন্তু পাগলা দাশুৱে কাৰ কথা শুনে! তেতিয়া জলধৰে তাক বুজাই ক'লে, "আৰু দুদিন ধৈৰ্য ধৰা। সেই নতুন ল'ৰাটোক মই হাতে-লোটে ধৰি দিম। এই সকলোবোৰ তাৰেই কৌশল।" এই কথা শুনি দাশুৱে ক'লে, "তুমি কি বুদ্ধি দেখুৱাইছা! নতুনকৈ অহা লৰাটো দক্ষিণাত্যৰ ব্ৰাহ্মণ। সি আকৌ মাংস খায় নেকি? তাক ধৰি লাভ কি?"

আমি কথাটো মনেই কৰা নাছিলোঁ। সঁচাকৈয়ে, সেই ল'ৰাটোৱে ইমান দিন ধৰি কেৱল পাউৰুটি খাই থকা দেখিছোঁ; মাছ বা মাংস খোৱা এবাৰো দেখা নাই। দাশু পাগল হওঁক বা নহওঁক, এই কথাত সকলোৱে একমত হ'বলৈ বাধ্য হ'ল। কিন্তু জলধৰ সহজে হাৰ মানিবল'গীয়া ল'ৰা নহয়। সি মিচিকিয়াই হাঁহি ক'লে, "মই ইচ্ছা কৰিয়েই তোমালোকক ভুল পথত পৰিচালিত কৰিছিলোঁ। চোৰটো ধৰা নপৰালৈকে সকলো কৌশল প্ৰকাশ কৰাটো উচিত জানো?" জলধৰে ক'লে, "এটা কথাটো মনত ৰাখিবা, এজন অভিজ্ঞ ডিটেক্টিভে কেতিয়াও নিজৰ সন্দেহৰ কথা আগতেই প্ৰকাশ নকৰে। মই যিজনক চোৰ বুলি ভাবিছোঁ, তেওঁক ভালদৰেই চিনি পাওঁ।" তাৰ পিছত আমি কেইদিনমান বৰ সাৱধান হৈ থাকিলোঁ। ফলস্বৰূপে আঠ-দহ দিনলৈ আৰু কোনো চুৰিৰ ঘটনা সংঘটিত নহ'ল। তেতিয়া জলধৰে ক'লে, "তোমালোকে ইমান হুলস্থূল কৰি সকলো খেলি-মেলি কৰিলা। চোৰটোৱে বুজি পালে যে মই তাৰ পিছত লাগি আছোঁ।" আমি ক'লোঁ, "তেনেহ'লে সি আৰু চুৰি নকৰে নেকি?" জলধৰে ক'লে, "ভাগ্য ভাল যে মই তাৰ প্ৰকৃত নাম তোমালোকক কোৱা নাছিলোঁ।"

কিন্তু সেইদিনাই আকৌ শুনিলোঁ যে আমা প্ৰধান শিক্ষকৰ টিফিনো তেওঁৰ কাৰ্যালয়ৰ পৰা চুৰি হৈছে। আমি জলধৰক ক'লোঁ, "কি হ'? চোৰটো ক'ত গ'? তোমাৰ পৰা ভয় খাই চুৰি এৰিলে নেকি? দেখিছোঁ, তাৰ ভয় এতিয়া সম্পূৰ্ণ গুচি গ'ল!" এই ঘটনাৰ পিছত দুদিন ধৰি জলধৰৰ মুখত হাঁহি নাছিল। চোৰৰ চিন্তাত তাৰ পঢ়া শুনাও ইমান ব্যাহত হৈছিল যে আৰু অলপ হ'লে শিক্ষকৰ পৰা শ্ৰেণীত মাৰো খাবলগীয়া হৈছিল।

দুদিন পিছত সি আমাক সকলোকে মাতি ক'লে, "চোৰ ধৰাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈ গ'ল।" তাৰ পৰিকল্পনা এইদৰে আছিল- টিফিনৰ সময়ত সি লুচি আৰু আলুৰ দম লৈ টিফিন কোঠাত থৈ আহিব। তাৰ পিছত কোনো ল'ৰা সেইফালে নাযাব। বিদ্যালয়ৰ বাহিৰত থকা ব্যায়ামঘৰৰ পৰা টিফিন কোঠাটো স্পষ্টকৈ দেখা যায়। আমাৰ কিছুমানে তাত লুকাই থাকিম। আন কিছুমানে বিদ্যালয়ৰ পশ্চিম কোণৰ সৰু কোঠাটোত অপেক্ষা কৰিম। তেতিয়া চোৰটো যিকোনো ফালৰ পৰা আহিলেও, টিফিন কোঠাত সোমোৱাৰ লগে লগেই আমাৰ চকুত পৰিব।"

সেইদিনা টিফিন নোহোৱালৈকে কাৰোৰে পঢ়াত মন নাছিল। সকলোৱে কেৱল এটা কথাই ভাবি আছিল- কেতিয়া টিফিন হ'ব আৰু কেতিয়া চোৰটো ধৰা পৰিব! চোৰ ধৰা পৰিলে তাক কি শাস্তি দিয়া হ', সেই বিষয়েও নানাজনৰ নানা মত চলিছিল। এই হুলস্থূল দেখি শ্ৰেণীত থকা শিক্ষকজনো বিৰক্ত হৈ পৰিল। তেওঁ পৰেশ আৰু বিশ্বনাথক বেঞ্চৰ ওপৰত থিয় কৰাই শাস্তি দিলে। তথাপিও সময় যেন আগবাঢ়িবই নিবিচাৰিলে।

অৱশেষত টিফিনৰ ঘণ্টা বজাৰ লগে লগে জলধৰে নিজৰ খাদ্য টিফিন কোঠাত থৈ আহিল। জলধৰ, মই আৰু দহ-বাৰজনমান ল'ৰা বিদ্যালয়ৰ চোতালৰ পশ্চিম কোণৰ সৰু কোঠাটোত লুকাই থাকিলোঁ। আন এদল ল'ৰা ব্যায়ামঘৰৰ বাহিৰত গোপনে অৱস্থান ল'লে। জলধৰে ক'লে, "চোৱা, মোৰ ধাৰণাত চোৰটো বৰ সাহসী। সি আহিলে তাক মাৰধৰ কৰা উচিত নহ'ব। সি নিশ্চয় বৰ দুষ্ট। মই কওঁ, সি সোমোৱাৰ লগে লগে আমি তাৰ গাত চিয়াঁহী ছটিয়াম আৰু জোৰেৰে চিঞৰিম। তেতিয়া চকীদাৰজনো দৌৰি আহিব।" ৰামপদে সুধিলে, "কিন্তু যদি সি পলাই যায়?" জলধৰে উত্তৰ দিলে, "পলাই গ'লেও অসুবিধা নাই। গাত পৰা চিয়াঁহীৰ দাগত তাক সহজেই চিনিব পাৰিম।" ৰামপদে আকৌ ক'লে,  "তুমি কিয় ভাবিছা যে চোৰটো বৰ চতুৰ মানুহ? সি দেখিবলৈ তেনেকুৱা নহয়। ইয়াৰ উপৰিও সি একেবাৰে অলপ অলপকৈহে চুৰি কৰে।" জলধৰে হাঁহি হাঁহি ক'লে, "তুমিও দেখোন বৰ পণ্ডিত! বেছি খালে মানুহ চতুৰ হয় নেকি? তেনেহ'লে আমাৰ শ্যামদাসেই আটাইতকৈ চতুৰ হ'ব লাগে। ঘোষবাবুৰ নিমন্ত্ৰণত সেইদিনা সি কেনেকৈ খাইছিল, দেখা নাছিলা? বাপু, মোৰ লগত তৰ্ক নকৰিবা। সাহস থাকিলে চোৰটোৰ লগত যুঁজি চোৱা। আমি কোনেও বাধা নিদিওঁ। কিন্তু মোৰ দৃঢ় বিশ্বাস যিজনে আমাৰ ঘৰত চুৰি কৰিছিল, এইজনেই সেই একেজন চোৰ।"

ঠিক সেই সময়তে টিফিন কোঠাটোৰ বাওঁফালৰ খিৰিকীখন অলপকৈ কেঁচ্ শব্দ কৰি খোল খালে, যেন ভিতৰৰ পৰা কোনোবাই ঠেলি দিছে। তাৰ পিছতেই বগা বস্তু এটা জঁপিয়াই কোঠাটোৰ মজিয়াত পৰিল। আমি সাৱধানে চাই দেখিলোঁ- এটা ডাঙৰ, নোদোকা মেকুৰী!  মেকুৰীটোৱে চাৰিওফালে এবাৰ চাই দীঘলীয়াকৈ হামিয়াই লাহে লাহে আগবাঢ়ি গ'ল।

আমি জলধৰলৈ চাই হাঁহি হাঁহি ক'লোঁ, "কি হ'ল হে ডিটেক্টিভ? এই দুষ্ট চোৰটোৱেই তোমালোকৰ ঘৰত চুৰি কৰিছিল নেকি? এতিয়া ইয়াক পুলিচৰ হাতত গতাই দিওঁ?"

 

Comments